অসম

অপৰাধৰ ৰম্যভুমিত পৰিণত হৈছে বাক্সাৰ মুছলপুৰ

প্ৰথম খবৰ, মুছলপুৰ:  এমাহ পূৰ্বে এগৰাকী শিক্ষয়ত্ৰীক আক্রমণ কৰি ধন সোণ কাঢ়ি নিয়াৰ লগতে পিষ্টল দেখুৱাই হত্যাৰ ভাবুকি দি ইতিমধ্যে মুছলপুৰ অঞ্চলত অৰ্ধশতাধিক বাইক কাঢ়ি লৈ গৈছিল। অৱশেষত মুছলপুৰ আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত বিভিন্ন প্ৰান্তৰ পৰা এটা 7:65 পিষ্টলসহ মেগজিন আৰু 5 জাই সজীৱ গুলীৰ সৈতে তিনিজন দুৰ্ধৰ্ষ ডকাইত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। গ্ৰেপ্তাৰ হোৱা ডকাইত কেইজন ক্ৰমে ৰাতুল দাস, বিৰাজ দাস, ভাদু আলী। আৰক্ষীয়ে জানিব দিয়া অনুসৰি তিনি ডকাইতে মুছলপুৰ অঞ্চলত কেইবাটাও ডকাইতি, অপহৰণ, হত্যাৰ লগত জড়িত থকাৰ উপৰি পূৰ্বে অপৰাধ কাৰ্যত জড়িত হৈ ৰঙাঘৰৰ আলহী হৈছিল। ইতিমধ্যে তিনিওকে অধিক তথ্যৰ বাবে মুছলপুৰ আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close