অসম

নলবাৰী জিলা অগপৰ কাৰ্যনিৰ্বাহক সম্পন্ন, পঞ্চায়ত নিৰ্বাচনৰ কুচকাৱাজ

প্ৰথম খবৰ, নলবাৰী: আজি অসম গণ পৰিষদৰ নলবাৰী জিলা সমিতিৰ এখন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। নলবাৰীৰ দেশ প্ৰাণ নগেন শৰ্মা ভৱনত অনুষ্ঠিত সভাত জিলা সভাপতি আনন্দ ৰাজবংশীযে সভাপতিত্ব কৰে। সাধাৰণ সম্পাদক কেশৱ ডেকাই আঁত ধৰা সভাত অগপৰ কেন্দ্ৰীয় মুখপাত্ৰ দিলীপ পাটগিৰি, কাৰ্যনিৰ্বাহ মুকুল শৰ্মা, অকন মল্ল বৰুৱা, মদন মালাকৰ, আক্ৰাম হুছেইন, নৃপাল বৰ্মন, দিলীপ দাস, তাইজুদ্দিন আহমেদ, যুৱ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক বুবুল কলিতা, কৃষক পৰিষদৰ বলেন ৰায় মেধি, মহিলা নেত্ৰী মিনা পাটোৱাৰী সহ দলীয় কৰ্মীসকলে উপস্থিত থাকে।

সভাত ভাষণ ৰাখি দলটোৰ কেন্দ্ৰীয় মুখপাত্ৰ দীলিপ পাটগিৰিয়ে দলৰ কৰ্মীসকলক উদ্দেশ্যি কয় যে – আগন্তুক পঞ্চায়ত নিৰ্বাচন লৈ দলৰ নেতা-কৰ্মী সকল সাজু হওঁক আৰু দলক শক্তিশালী কৰাত গুৰুত্ব দিয়ক। বিশেষকৈ ভাতৃ-ভগ্নী সংগঠনসমূহ শক্তিশালী কৰক। ভাষন প্ৰসংগত পাটগিৰিয়ে কয় – আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ সাম্ভাৱ্য প্ৰাৰ্থীসকলৰ তালিকা প্ৰস্তুত কৰাৰো আহবান জনাই। আঞ্চলিকতাবাদৰ বিকল্প অসমত নাই বুলিও দোহাৰি অগপ নেতা পাটগিৰিয়ে কয় ৰাষ্ট্ৰীয় দলে অসমৰ সমস্যা উপলব্ধি নকৰে।

 

Related Articles

Leave a Reply

Close