অসম

নন্দন কিশোৰ গোস্বামীক উষ্ম আদৰণি

প্ৰথম খবৰ, মুৰফুলনি: ভাৰতীয় জনতা পাৰ্টি মৰঙি মণ্ডল সমিতিৰ উদ্যোগত আৰু ভাৰতীয় জনতা যুৱ মৰ্চা মৰঙি মণ্ডলৰ সহযোগত ২৮ জুলাই তাৰিখে গোলাঘাটৰ ৰঙাজান শিৱমন্দিৰৰ প্ৰেক্ষাগৃহত মৰ্চাৰ গোলাঘাট জিলাৰ নৱ-নিৰ্বাচিত সভাপতি নন্দন কিশোৰ গোস্বামীক উষ্ম আদৰণি জনায়। জনতা পাৰ্টিৰ মৰঙি মণ্ডলৰ সভাপতি ৰঞ্জিত ফুকনে সভাপতিত্ব কৰা আদৰণি অনুষ্ঠানৰ আঁত ধৰে মণ্ডলৰ সম্পাদক বিকাশ আগৰৱালাই।

শতাধিক স্থানীয় ৰাইজ তথা যুৱ মৰ্চাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক নৱাৰুণ বৰগোঁহাইৰ উপস্থিতিত উক্ত সভাতে গোস্বামীক সম্বৰ্ধনা জ্ঞাপন কৰে দুয়োখন সমিতিয়ে। লগতে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ মৰঙি আঞ্চলিকৰ প্ৰাক্তন সভাপতি মনোজ শইকীয়াৰ নেতৃত্বত ২০ জন সদস্যই দলৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰে বুলি আজি জানিবলৈ দিছে।

 

Related Articles

Leave a Reply

Close