বিজ্ঞান

প্ৰদূষণে বাসৰ অনুপযোগী কৰি আনিছে আমাৰ পৃথিৱীখনক

নিবেদিতা ফুকন

আমাৰ বিনন্দীয়া পৃথিৱীখনৰ বেছি ক্ষতি আমিয়েই কৰিছোঁ। বৰ্তমানৰ আটাইতকৈ বৃহৎ সমস্যা প্ৰদূষণৰ কথাই ধৰা হওঁক। মানুহৰ দৈনন্দিন জীৱনৰ বিভিন্ন কাৰ্যৰ ফলতে প্ৰদূষণৰ সৃষ্টি। সঁচাকৈয়ে আমি সদায় কৰি থকা কামবোৰে প্ৰত্যক্ষ বা পৰোক্ষভাৱে পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলায়।

আমাৰ কামবোৰৰ ফলতে বিভিন্ন অনিষ্টকাৰী পদাৰ্থ আমাৰ চৌপাশে থকা মাটি, পানী আৰু বায়ুত প্ৰৱেশ কৰি এইবোৰৰ স্বাভাৱিক বৈশিষ্ট্যবোৰ নষ্ট কৰে। ফলত বায়ু, পানী, মাটি আদি ব্যৱহাৰৰ অনুপযোগী হৈ পৰে। এয়াই প্ৰদূষণ।

বায়ুমণ্ডলত যদি মানৱ শৰীৰ বা আন জীৱৰ ওপৰত প্ৰভাৱ পেলাব পৰা ক্ষতিকাৰক পদাৰ্থৰ পৰিমাণ যথেষ্ট পৰিমানে বৃদ্ধি পায়, তেনে পৰিস্থিতিত বায়ু প্ৰদূষণ হোৱা বুলি কোৱা যায়।বায়ু প্ৰদূষণ সৃষ্টিকাৰী গেছীয় পদাৰ্থৰ ভিতৰত প্ৰধান হৈছে কাৰ্বন মনক্সাইড, ছালফাৰ ডাইঅক্সাইড, ক্লৰ’ফ্লৰ’কাৰ্বন,নাইট্ৰ’জেন-ডাই-অক্সাইড ইত্যাদি। এনে প্ৰদূষকবোৰ সাধাৰণতে উদ্যোগিক আৱৰ্জনা তথা ইন্ধনৰ দহন আৰু যাতায়তৰ বাবে ব্যবহৃত বাহনৰ পৰা নিৰ্গত হয়।প্ৰতিকূল বায়ু সেৱন কৰাৰ ফলত মানুহকে আদি কৰি অন্যান্য জীৱ-জন্তু মৃত্যু মুখত পৰিব পাৰে।

খোৱা পানী বা সমুদ্ৰৰ লুণীয়া পানীত যদিহে এনে কোনো জৈৱ-অজৈৱ বা ৰাসায়নিক পদাৰ্থৰ পৰিমাণ যথেষ্ট পৰিমানে বৃদ্ধি পায়, যিবোৰে পানীৰ গুণাগুণ নষ্ট কৰাৰ লগতে ইয়াত বাস কৰা জীৱ-জন্তুৰো অনিষ্ট সাধন কৰে, তেনে পৰিস্থিতিত পানী প্ৰদূষণ হোৱা বুলি কোৱা যায়। জল প্ৰদূষণ সৃষ্টি কৰা প্ৰদূষকবোৰৰ ভিতৰত অন্যতম হৈছে খেতি পথাৰত ব্যবহৃত বিষাক্ত কীটনাশক তথা ৰাসাইয়নিক সাৰ বা উদ্যোগসমূহৰপৰা নিৰ্গত ৰাসায়নিক পদাৰ্থ আদি।

ইয়াৰ উপৰি শব্দ প্ৰদূষণ, স্থল প্ৰদূষণ বা তেজস্ক্ৰিয় প্ৰদূষণৰ কথাও উল্লেখ কৰিব পাৰি। এইবোৰেও মানৱ জগত বা অন্য প্ৰাণী আৰু উদ্ভিদৰ ওপৰত প্ৰতিকূল প্ৰভাৱ বিস্তাৰ কৰি আহিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close