অসমশীৰ্ষ

মঙলবাৰে প্ৰধানমন্ত্ৰী মোদী আহিব অসমলৈ

নিউজ ডেস্ক, প্ৰথম খবৰ: শেহতীয়া বান পৰিস্থিতিৰ বুজ ল’বলৈ মঙলবাৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণ সম্পৰ্কে নিশ্চিত কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এক টুইটযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে যে পহিলা আগষ্টত অসম ভ্ৰমণ কৰিব মোদীয়ে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম আগমনৰ বাৰ্তা প্ৰকাশ  হোৱাৰ লগে লগে ৰাজ্যজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ভাৰতীয় জনতা পাৰ্টীৰ নেতা-কৰ্মীসকল মোদীৰ আগমনক লৈ উচ্ছাসিত হৈ পৰা পৰিলক্ষিত হৈছে। ইয়াৰ বিপৰীতে বিভিন্নজনে প্ৰশ্ন কৰিছে অসমলৈ আহি মোদীয়ে কি দিব অসমক? প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমলৈ আহি বানপীড়িতৰ বাবে কি সুখবৰ লৈ আহে তাৰ বাবে এতিয়া অপেক্ষা কৰিছে অসমবাসীয়ে।

Tags

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close