অসমশীৰ্ষ

ৰঙিয়া ৰে’ল ষ্টেচনত ভয়াৱহ অগ্নি কাণ্ড: বহু সা-সম্পত্তি ধ্বংস

প্ৰথম খবৰ, ৰঙিয়া: কামৰূপ জিলাৰ ব্যস্ততম ৰে’ল জংছন ৰঙিয়া ৰে’ল ষ্টেচনৰ ১নং প্লেটফৰ্মত আজি পুৱা প্ৰায় ১০.৪৫ বজাত সংঘটিত এক ভয়াৱহ অগ্নিকাণ্ডত বহু সা সম্পত্তি জাহ যায়। অৱশ্যে ৰে’ল কৰ্মচাৰী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত ৰে’ল ষ্টেচনটো কথমপি ৰক্ষা পৰে। ষ্টেচনৰ শয়ন কক্ষৰ পৰা জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে। বিজুলীৰ বিজুতিৰ ফলত এই অগ্নিকাণ্ড বুলি ৰে’ল বিভাগৰ ধাৰণা।

Related Articles

Close