অসম

২০ শতাংশ কমিচন নহ’লে আঁচনিৰ ধন মোকলাই নিদিয়া ৰূপহীহাট ব্লকৰ বিডিঅ’ৰ ওপৰত কাৰ আৰ্শীবাদ ? ৰূপহীৰ বিভিন্ন পঞ্চায়তৰ উন্নতিৰ বাবে বিডিঅ’ক বদলিৰ দাবীত অটল প্ৰতিনিধি

প্ৰথম খবৰ, ৰূপহীহাট: পৰিৱৰ্তনৰ শ্ল’গান দি ৰাজ্যৰ ৰাজপাট দখল কৰা জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে উন্নয়ন আৰু নিকা, স্বচ্ছ প্ৰশাসনৰ ডাক-ঢোল বজাইছে যদিও নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিৰ ৰূপহীহাট উন্নয়ণ খণ্ডৰ অচলাৱস্থা আজিও দূৰ নোহোৱাত সৰ্বসাধাৰণ ৰাইজ সমস্যাৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপিত হৈছে।

১৪ টা পঞ্চায়তৰ কাম-কাজ পৰিচালিত হোৱা এইখন উন্নয়ন খণ্ড কাৰ্যালয়ৰ ভিতৰ চৰাৰ লোকসকলৰ মাজত যোগসূত্ৰ বিচ্ছিন্ন হোৱাৰ বাবেই উন্নয়নত হেঙাৰৰ সৃষ্টি হৈছে। উক্ত কাৰ্যালয়টোত বিগত কেইবা মাহ ধৰি মুৰব্বী বিষয়া অৰ্থাৎ খণ্ড উন্নয়ন বিষয়া আৰু পঞ্চায়ত প্ৰতিনিধিসকলৰ মাজত সংঘাত দিনক দিনে বৃদ্ধি পোৱাত প্ৰতিনিধিসকলে নিজ নিজ এলেকাৰ কাম কাজত গুৰুত্ব দিব নোৱাৰাৰো অভিযোগ উঠিছে।

উল্লখ্যে যে, অলপতে উন্নয়ন খণ্ডটোৰ ১৩ গৰাকীকৈ প্ৰতিনিধিয়ে বিডিঅ’জনৰ বিৰুদ্ধে অভিযোগ দিবলৈ বিভাগীয় মন্ত্ৰীৰ কাষ চাপিব লগীয়াটোৱে কাৰ্যালয়খনৰ প্ৰকৃত স্বৰূপটো দাঙি ধৰিছে। গুৰুত্বপূৰ্ণ কথাটো হ’ল প্ৰতিনিধিসকলে অভিযোগ অনা মতে বিডিঅ গদাধৰ কলিতাই ২০ শতাংশ কমিচন নহ’লে কোনো ধৰণৰ কামেই কৰিবলৈ আঁচনিয়েই মুকলি কৰি নিদিয়ে। আচৰ্যজনক কথাটো হ’ল এই গৰাকী গদাধৰ কলিতাই ব্লকটোৰ অন্তৰ্গত আঞ্চলিক পঞ্চায়তৰ সদস্য-সদস্যাসকলৰ মাহেকীয়া দৰমহা পৰ্যন্ত মোকলাই নিদিয়া বুলি গুৰুতৰ অভিযোগ তুলি বিভাগীয় মন্ত্ৰীক অৱগত কৰে।

কিন্তু আচৰিত কথাটো হ’ল কাৰ্যালয়ত চলি থকা এনে অচলাৱস্থা দীৰ্ঘদিন ধৰি চলি থকাৰ পাছতো আৰু এই বিষয়ে ছপা-বৈদ্যুতিন উভয় মাধ্যমতে প্ৰচাৰিত হৈ থকাৰ পাছতো কিন্তু আজিকোপতি বিডিঅ’ কলিতাৰ ওপৰত নগাঁও জিলা ডি আৰ ডি এ কাৰ্যালয় বা ৰাজ্য চৰকাৰৰ কোনো তদন্তকাৰী শাখাই ব্যৱস্থা লবলৈ আহৰি পোৱা নাই। যাৰ বাবে এই গৰাকী ২০ শতাংশ কমিচনভোগী বিডিঅ’ৰ ওপৰত কোনো ৰাজনৈতিক নেতাৰ আৰ্শীবাদ আছে নেকি বুলিও প্ৰশ্ন উত্থাপন হোৱা দেখা গৈছে।

পৰিৱৰ্তনকামী চৰকাৰখনৰ বিভাগীয় মন্ত্ৰী আৰু চৰকাৰৰ তদন্তকাৰী শাখাই নগাঁও জিলাৰ এইখন দুৰ্নীতিৰ ভূ-স্বৰ্গ স্বৰূপ ৰূপহীহাট উন্নয়ন খণ্ডৰ বিডিঅৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল’বলৈ আহৰি পাব নে ? এয়াই এতিয়া ৰূপহীত চৰ্চিত হোৱা এক লাখ টকীয়া প্ৰশ্ন!

Related Articles

Leave a Reply

Close