অসমশীৰ্ষ

তিনিচুকীয়া একাধিক সংগঠনৰ অভিযানত জব্দ কাঠভৰ্তি ট্ৰাক

প্ৰথম খবৰ, তিনিচুকীয়া: তিনিচুকীয়াত কেইবাটাও দল সংগঠনে নিশা অভিযান চলাই অৰুণাচল প্ৰদেশৰ মেও নামফাইপৰা নলবাৰী লৈ নিয়া অৱৈধ চোৰাং কাঠ সহ দুখন ১২ চকীয়া ট্ৰাক জব্দ কৰে। এএছ ০১ জিচি ৯৭৩৭ আৰু এএছ ০১ জিচি ৯০১৮ নম্বৰৰ ট্ৰাক দুখনে কঢ়িয়াই আনিছিল চোৰাং কাঠসমূহ।

তিনিচুকীয়াৰ পৰা দীৰ্ঘদিনৰ দিনৰপৰা চলাই আহিছিল অবৈধ কাঠৰ ব্যৱসায়। দুয়োখন গাড়ীত থকা অবৈধ কাঠৰ মালিক তিনিচুকীয়াৰ ৱাজিৰ খান আৰু অৰুনাচলৰ ৰাম অৱতাৰ ছমে জিএছটি ফাঁকি দি আনিছিল কাঠসমূহ।

কাঠসমূহ জব্দ কৰাৰ পাছত সংগঠনৰ লোকসকলক টকাৰে মেনেজ কৰি কাঠ গাড়ীকেইখন এৰি দিবলৈ মালিক পক্ষই চেষ্টা কৰিছিল যদিও আৰক্ষীক গতাই দিয়ে জব্দকৃত কাঠভৰ্তি ট্ৰাককেইখন । ইতিমধ্যে মৰাণ ছাত্ৰ সন্থাই তিনিচুকীয়া সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

Related Articles

Leave a Reply

Close