অসমশীৰ্ষ

খেলতো বৈষম্য নীতি মুখ্যমন্ত্ৰী সোণোৱালৰ, দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হ’ব লগা শক্তি উত্তোলক প্ৰতিযোগিতাৰ বাবে অসমৰ ৫ গৰাকী মহিলা খেলুৱৈ ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ সাজু

প্ৰথম খবৰ, মৰাণ: দক্ষিণ আফ্ৰিকাত ১০ ছেপ্তেম্বৰৰ পৰা ১৭ ছেপ্তেম্বৰলৈ অনুষ্ঠিত হ’ব লগা পাৱাৰ লিফটিং কমনৱেলথ চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত ভাৰতৰহৈ অসমৰ পাঁচ গৰাকী মহিলাই অংশ গ্ৰহণ কৰিবলৈ প্ৰস্তুতিৰ চলাই আছে।

দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হ’ব লগা এই শক্তি উত্তোলক প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিবলৈ ওলোৱাৰ অসমৰ ৫ গৰাকী মহিলা খেলুৱৈক অসম তথা ভাৰত চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান নকৰাত হতাশাত ভুগিছে মহিলা খেলুৱৈ কেইগৰাকী। দেশক প্ৰতিনিধিত্ব কৰি দেশৰ বাহিৰত খেলিবলৈ ওলোৱা মহিলা খেলুৱৈ কেইগৰাকীয়ে নিজা খৰচত যাবলগীয়া হোৱা কাৰ্যই সকলোকে আচম্বিত কৰি তুলিছে।

অসমৰ পৰা এই প্ৰতিযোগিতালৈ ওলোৱা ৫ গৰাকী খেলুৱৈ ভিতৰত তিনিগৰাকীক অসমৰ মুখ্যমন্ত্ৰীয়ে এগৰাকীক এক লাখ পঞ্চাশ হাজাৰ আৰু দুগৰাকীক প্ৰত্যেককে পঞ্চাশ হাজাৰ টকাকৈ আবেদনৰ ভিত্তিত প্ৰদান কৰিছে যদিও বাকী তিনিগৰাকীক নয়া পইচা এটাও আগবঢ়োৱা নাই। জাতি-মাটি আৰু ভেটি স্বাৰ্থৰ প্ৰতিশ্ৰুতিৰ দি চৰকাৰ গঠন কৰা ৰাজ্য আৰু ভাৰত চৰকাৰৰ এনে বৈষম্যমূলক কাৰ্যই খেলুৱৈ সকলৰ মাজত তীব্ৰ অসন্তুষ্টি দেখা দিছে।

অসমৰ পৰা এই প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিবলৈ মৌচুমী বৰা, মিনু গগৈ, মিনতি দিহিঙ্গীয়া, অৰণ্যানী গগৈ আৰু প্ৰতিভা কোঁৱৰে প্ৰস্তুতি নিজাকৈ সাজু কৰিছে। মৰাণৰ যুৱতী তথা ৰে’লৱে কৰ্মচাৰী অৰণ্যানী গগৈয়ে ইতিমধ্যে খেলৰ বাবে সাজু।

Related Articles

Leave a Reply

Close