অসম

শোণিতপুৰ জিলা সাংবাদিক সন্থা গঠন, ৰঙাপৰাত সাংবাদিক সন্থাৰ দশম দ্বি বাষিক অধিৱেশন

প্ৰথম খবৰ, তেজপুৰ: সদৌ অসম সাংবাদিক সন্থাৰ অন্যতম জিলা শোণিতপুৰ জিলা সাংবাদিক সন্থাৰ দশম দ্বি বাষিক অধিৱেশন আজি ৰঙাপৰাত অনুষ্ঠিত হৈ যায়। জিলা সাংবাদিক সন্থাৰ সভাপতি আনোৱাৰ আহমেদৰ সভাপতিত্ব অনুষ্ঠিত প্ৰতিনিধি সভাখন উদ্বোধন কৰে সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি পংকজ কুমাৰ নাথে।

প্ৰতিনিধি সভাই আনোৱাৰ আহমেদক সভাপতি, অপুৰ্ব বৰাক কায্যকৰি সভাপতি, পংকজ কুমাৰ নাথক সাধাৰণ সম্পাদক হিচাপে লৈ এখন সমিতি গঠন কৰা হয়। বিয়লি জিলা সাংবাদিক সন্থাৰ সভাপতি আনোৱাৰ আহমেদৰ সঞ্চালনাত অনুষ্ঠিত মুকলি সভাত আজুৰ সভাপতি পংকজ নাথ, আছুৰ সম্পাদক লুইন জ্যোতি গগৈ, সাংবাদিক বেদব্ৰত বৰা, দিগন্ত নাথৰ লগতে বহু কেইজন অতিথিয়ে অংশ গ্ৰহণ কৰা সভাত মন্ত্ৰী পল্লৱ লোচন দাসেও অংশ লৈ সাংবাদিক সকলৰ উন্নয়ণৰ ক্ষেত্ৰত বিভিন্ন পৰামৰ্শ আগবঢ়ায়।

Related Articles

Leave a Reply

Close