অসম

তিনিচুকীয়াত চোৰাং কাঠ জব্দ

প্ৰথম খবৰ, তিনিচুকীয়া: তিনিচুকীয়াত কেইবাটাও দল সংগঠনে নিশা অভিযান চলাই অৰুণাচল প্ৰদেশৰ মেও নামফাই পৰা নলবাৰী লৈ নিয়া অবৈধ চোৰাং কাঠ সহ দুখন ১২ চকীয়া ট্ৰাক জব্দ কৰে। AS 01GC 9737 আৰু AS 01GC 9018 নম্বৰ ট্ৰাক দুখনে কঢ়িয়াই আনিছিল চোৰাং কাঠসমূহ। তিনিচুকীয়াৰ পৰা দীৰ্ঘদিনৰ দিনৰ পৰা চলাই আহিছিল অবৈধ কাঠৰ ব্যৱসায়। দুয়োখন গাড়ীত থকা অবৈধ কাঠৰ মালিক তিনিচুকীয়াৰ ৱাজিৰ খান আৰু অৰুণাচলৰ ৰাম অৱতাৰ শম GST ফাঁকি দি আনিছিল কাঠসমূহ। কাঠ সমূহ জব্দ কৰাৰ পাছত সংগঠনৰ লোকসকলক টকাৰে মেনেজ কৰি কাঠ গাড়ী কেইখন এৰি দিবলৈ মালিক পক্ষই কৈছিল যদিও মেনেজ নহৈ আৰক্ষীক গতাই দিয়ে জব্দকৃত কাঠভৰ্তি ট্ৰাক কেইখন। ইতিমধ্যে মৰাণ ছাত্ৰ সন্থাই তিনিচুকীয়া সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

Related Articles

Leave a Reply

Close