কবিতা

অনুভৱৰ কাঁচিয়লি ৰ’দত

ননী মাধৱ ফুকন:

বৃষ্টিৰণ্যৰ ঠিকনা বিছাৰি সেই যে
নীলা লেগুনৰ দেওহাঁহ জাক আহিছিল
বুকুত আমাৰ বৰবি খনৰ নক্সা কটা…কাকলি কাঞ্চনৰ পাহ সেন্দুৰীয়া ঠোঁট… বৰ নৈ বালিত বালিছন্দা বুটলিছিল…
সেই যে শিৰত কলিজা পাতৰ কুহুম বৰণীয়া

কপালি পিন্ধিছিল আৰু বতাহৰ বেৰঙ-দেৱালত ৰ’দৰ খিৰিকী কাটিছিল..বৰষুণৰ গান আঁকিছিল
যাৰ বাবে ৰৈ গৈছিল
চিমেন চাপৰিৰ ৰান্ধনি বেলিটো ইউনিভাৰ্চিটিৰ চাদত…

ফেকুঁৰি ফেকুঁৰি জোনাক এচলু নামি আহিছিল কুঁহিয়াৰ পাতৰ দীঘল সেউজীয়া হোলাটোয়েদি… চুমা এটাৰ অভিমানত…
জিপ্ ঝিপ্ নিয়ৰত তিতিছিল গিৱন

পৰ্বতীয়া বৰ্ণৰ গাঁও এখন..

. হৰেক কিচিমৰ বাঁহপাত আৰু পাতপলুৰ অকণমাণি চিৰিয়াখানাখন মোৰ পিঠিত বান্ধি গুছি গ’ল সিহঁত বন-ব’হাগৰ উপত্যকা বিছাৰি…

আমেৰণে-অই: নিতমে উলমি ৰ’ল সিহঁতৰ অহৌ বলিয়া উকি
হয়নে ! কোনে কন্দুৱালি .. বন হৰিণৰ চকুত গধূলি বাকিলি… এতিয়া এই সৰাপাতৰ আলিটো দেও দিবই নোৱাৰি…

বৰষামুখৰ আবেলিবোৰৰ ইমান আমনি।।

Related Articles

Leave a Reply

Close