অসম

অসমীয়া মাধ্যমৰ বিদ্যালয়ক ষড়যন্ত্ৰ কৰিব বিচাৰিছে শিক্ষাবিভাগে !

প্ৰথম খবৰ,শিমলুগুৰি : যি সময়ত অসমৰ শিক্ষামন্ত্ৰীয়ে গুণোৎসৱ অনুষ্ঠিত কৰি শিক্ষাবিভাগটোক চমক দিব বিচাৰিছে সেই সময়তে অসমৰ সৰ্বশিক্ষা মিছন সঞ্চালকৰ কাৰ্যালয়ে প্ৰাথমিক বিদ্যালয় ঠিকাভিত্তিক শিক্ষক নিযুক্তিৰ বাবে ইতিমধ্যে ঘোষণা কৰা মেধাভিত্তিক তালিকাও ব্যাপক বিসংগতি দেখিবলৈ পোৱা গৈছে। প্ৰাথমিক পৰ্যায়ৰ মুঠ ৭৩৪২ জনৰ তালিকাখনত বহিৰাজ্যৰ প্ৰাৰ্থীয়ে স্থান লাভ কৰা বিষয়টোক ‘সদৌ অসম প্ৰাথমিক শিক্ষক সন্থা’ই তীব্ৰ প্ৰতিবাদ কৰিছে। সংবাদ পত্ৰলৈ প্ৰেৰণ কৰা এক বিবৃতিত সন্থাৰ সভাপতি-সম্পাদক ক্ৰমে আয়ুব আলী আহমেদ আৰু নিৰ্ম্মল কুমাৰ গোৱালাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, যি সময়ত অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগ চৰকাৰে অনুষ্ঠিত কৰা TET পৰীক্ষাত অসমৰ নিবনুৱা যুৱক-যুৱতীক হবলৈ দিয়া নাছিল তেনেস্থলত বহিঃৰাজ্যৰ পৰা আমদানীকৃত প্ৰাৰ্থীক শিক্ষাৰ মূল ভেটি প্ৰাথমিক বিদ্যালয়ত নিযুক্তি দিব বিচৰা কাৰ্য্যক সন্থাই ধিক্কাৰ দিছে। এফালে চৰকাৰে শিক্ষাৰ মানদণ্ড উন্নত কৰিব বাবে কোটি কোটি টকা খৰচ কৰি গুণোৎসৱ পাতিছে, সেই সময়তে বহিঃৰাজ্যৰ অসমীয়া কব নজনা, লিখিব নজনা হিন্দী, ইংৰাজী, বাংলা মাধ্যমৰ প্ৰাৰ্থীক অসমীয়া মাধ্যমৰ বিদ্যালয়ত নিযুক্তি দি কন-কন ছাত্ৰ-ছাত্ৰীৰ জীৱন ধ্বংস কৰিব বিচৰা কাৰ্য কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। ইতিমধ্যে ২০১২ চনৰ পৰা বৰ্তমানলৈকে বহু অনা অসমীয়া প্ৰাৰ্থীক অসমীয়া মাধ্যমত নিযুক্তি দিয়াৰ ফলত বহু বিদ্যালয় পঢ়া আৰু লিখাৰ বেলিকা ভাষা বিভ্ৰাটৰ সৃষ্টি হোৱা দেখা গৈছে। শিক্ষা বিভাগৰ এনে হঠকাৰী সিদ্ধান্তই অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয় সমূহক তিল তিলকৈ ধ্বংসৰ মুখলৈ ঠেলি দিয়াৰ বিপৰীতে বে-চৰকাৰী বিদ্যালয়সমূহক পৰোক্ষভাৱে হাত উজান দিয়া হব বুলি সন্থাই অভিযোগ কৰিছে ৷

Related Articles

Leave a Reply

Close