অসমশীৰ্ষৰাষ্ট্ৰীয়

অসমৰ বানাক্ৰান্তক সহায়ৰ হাত তেলেগু অভিনেতাৰ

নিউজ ডেস্ক, প্ৰথম খবৰ : অসমৰ বান পীড়িতক সহায় কৰিবলৈ আগবাঢ়ি আহিছে তেলেগু তথা বলীউদৰ জনপ্ৰিয় অভিনেতা ৰামচৰণ তেজা আৰু তেওঁৰ পত্নী উপাসনাই। শেহতীয়াভাৱে অসম আৰু গুজৰাটৰ বানাক্ৰান্তৰ দুৰৱস্থাৰ কথা মন কৰি বলীউদৰ চুপাৰষ্টাৰ আমীৰ খানেও সহায়ৰ হাত আগবঢ়াইছিল। যি সময়ত সমগ্ৰ অসমে বানপীড়িতৰ ক্ষেত্ৰত চৰকাৰৰ ভুমিকাক ধিক্কাৰ দিছে, সেই সময়তে ৰামচৰণ তেজা আৰু তেওঁৰ পত্নীয়ে ২.৩৬ কোটি টকা দান কৰিবলৈ আগবাঢ়ি আহিছে অসমৰ বানাক্ৰান্তক সহায় কৰিবলৈ। এই কথাই দৃষ্টি আকৰ্ষণ কৰিছে প্ৰতিজন অসমীয়াৰ। বলীউদৰ ষ্টাৰ সকলৰ অসমীয়া বা অসমৰ প্ৰতি থকা আবেগক নিশ্চিতভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছে বানপীড়িতই।

Related Articles

Leave a Reply

Close