অসম

অসম সাহিত্য সভাৰ  ৭৪ সংখ্যক বুঢ়ীদিহিং বৰদুমচা অধিৱেশনৰ স্মৰণিকা প্ৰকাশৰ প্ৰস্তুতি

প্ৰথম খবৰ, ফিল’বাৰী: তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৰ বদৌছা সমন্বয় ক্ষেত্ৰত অসম সাহিত্য সভাৰ ৭৪ সংখ্যক বুঢ়ীদিহিং-বৰদুমচা অধিৱেশনখনি অহা ইংৰাজী ১, ২, ৩ আৰু ৪ ফেব্ৰুৱাৰী ২০১৮ তাৰিখে চাৰিদিনীয়া বৰ্ণাঢ্য  কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি পূৰ্ণগতিত চলিথকাৰ সময়তে অভ্যৰ্থনা সমিতিৰ স্মৃতিগ্ৰন্থ উপসমিতিয়ে  জনাইছে যে, উক্ত অধিৱেশনখনিৰ সৈতে সংগতি ৰাখি অভ্যৰ্থনা সমিতিৰ  তৰফৰ পৰা “বুঢ়ীদিহিং” নামেৰে এখনি বৃহৎ কলেৱৰৰ স্মৃতিগ্ৰন্থ প্ৰকাশৰ প্ৰস্তুতি চলোৱা হৈছে।

উক্ত স্মৃতিগ্ৰন্থখনিত প্ৰকাশৰ বাবে সমূহ লেখক লেখিকাৰ পৰা তথ্য সমৃদ্ধ লেখনিৰ আহ্বান কৰাৰ লগতে  স্মৃতিগ্ৰন্থ সন্দৰ্ভত   সম্পাদকদ্বয় যোগেশ্বৰ মৰান (ফোন ৮৮৭৬৮৫৫০২৫), মৃদুল দহোটীয়া (ফোন ৮৩৯৯০৯২৫১৫), সুৰজিত বড়া     (ফোন ৮৭৬৯১৭৪৩৩৫) আৰু bdihing123@gmail.com ৰ সৈতে যোগাযোগ কৰিবলৈ উপ সমিতিয়ে অনুৰোধ জনাইছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close