অসম

অাৰ্থিক অনুদান বিচাৰি দোকানে দোকানে গাঁৱৰ যুৱক

প্ৰথম খবৰ, গৌৰীসাগৰ: এজন ২৩ বছৰীয়া যুৱক নাম দ্বীপনজ্যোতি দাস। ঘৰ শিৱসাগৰ জিলা গৌৰীসাগৰৰ সমীপৰ নদীকাষৰীয়া ভাটীবনগাঁওত। মাত্ৰ দুটামাহৰ পূৰ্বে বিবাহপাশত অাৱদ্ধ হৈছিল দৰিকাঘাটৰ চূৰ্ণপোৱা এগৰাকী যুৱতী সৈতে। মাক দেউতাক বাইভনীয়েক সহ জীৱন যাপন কৰা ঘৰখনৰ একমাত্ৰ পুত্ৰ সন্তানৰ লগতে দ্বীপন অাছিল ঘৰখন একমাত্ৰ উপাজনকাৰী। কিছু মানসিকভাৱে দুৰ্বল দেউতাক নালীয়া দাস নগৰৰ এটা সৰু ভাড়াঘৰত থাকে অকলে।গাৱৰ কচু ঢেকীয়া অাদি বিক্ৰী কৰি তেঁও অকলে জীৱন নিব্বাহ কৰি অাহিছে বহু বছৰৰ পৰা অাৰু দ্বীপনেও ঘৰখন চলাব বাবে অাধাতে পঢ়া সামৰি শিৱসাগৰ নগৰৰ এখন কাপোৰৰ দোকানত সহায়ক হিচাপে থাকি ঘনখন চলাই অাহিছে। কিন্তু এইবাৰ অহাৰ বলীয়া বানে দ্বীপনৰ ঘৰখনলৈ নমাই অানিলে কালঅমানিশা। যিখন নৈত সাঁতুৰি দ্বীপেনে শৈশৱ পাৰ কৰিলে সেইখন নদীয়ে যোৱা ১২ জুলাইত দ্বীপন প্ৰাণ ললে। সেইদিনা পুৱা ৯.৩০বজাত ভৰবাৰিষাত হাতত এডাল লাখুতি লৈ ভাটীবনগাঁৱৰ নৈকাষৰীয়া একমাত্ৰ লুংলুঙীয়া পথটোৱেদি নিজ কৰ্মস্থলীলৈ খোজেৰে অাহি থকা অৱস্থাত দিখৌৰ বাঢ়নী উটুৱাই লৈ যায়। অতি অমায়িক অাৰু ভদ্ৰ তথা গাঁৱৰ এজন সুদক্ষ ভাৱৰীয়া দ্বীপন হেৰুৱাই এতিয়াও সমগ্ৰ অঞ্চলটোতে শোক বন্যা বৈছে। উক্ত দিনা ঘটনাস্থলীত জিলা উপায়ুক্ত উপস্থিত হৈ ঘটনা বুজ লোৱা লগতে পৰিয়াললৈ সাহাৰ্য ঘোষণা কৰিছিল যদিও অাজিকোপতি কিন্তু দ্বীপনৰ পৰিয়ালে চৰকাৰী সাৰ্হায্য নাপালে। জিলা উপায়ুক্ত কাৰ্যালয়লৈ বহুবাৰ অহাযোৱা কৰি কোনো সহাৰি নোপোৱাত এইবাৰ দ্বীপনৰ গাঁৱৰ যুৱক সকল দ্বীপন ঘৰখনৰ কিছু সহায়ৰ বাবে অাৰ্থিক অনুদান বিছাৰি শিৱসাগৰৰ বিভিন্ন অঞ্চলৰ দোকানে দোকানে সোমাই কিছু অৰ্থ সংগ্ৰহ কৰি দিছে। যাতে এই টকাৰে দ্বীপনৰ ঘৰখনত এখন দোকান খুলি দি ঘৰখন চলাত সহায় হয়। এই অৰ্থসংগ্ৰহ কাৰ্য্যত বিশেষভাৱে সহযোগিতা অাগবঢ়াই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ৰূদ্ৰসাগৰ অাঞ্চলিক সমিতিয়ে । এই ক্ষেত্ৰত দ্বীপন মাক পুতলি দাসেও অসমবাসীলৈ সহায়ৰ হাত অাগবঢ়াবলৈ অাহ্বান জনায়। (দ্বীপনৰ মাক পুতলি দাসৰ ইকো বেংক, দিখৌমুখ শাখাৰ বেংক নম্বৰ-১৩৮৪০১১০০৭৭৫৩৫ )।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close