অসমশীৰ্ষ

“আছে হেংদাঙ লোৱা নাই, ল’লে হেংদাঙ ৰক্ষা নাই” শ্ল’গানেৰে উত্তাল জামুগুৰিহাট

প্ৰথম খবৰ, জামুগুৰিহাট: নগাঁও চহৰৰ মাজমজীয়াত অসমীয়া যুৱকৰ ওপৰত অনাঅসমীয়াই চলোৱা নিৰ্যাতনৰ প্ৰতিবাদত ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থকাৰ সময়তে আজি জামুগুৰিহাটতো সন্ধ্যা চতিয়া সমষ্টিৰ প্ৰাক্তন আলফাৰ উদ্যোগত আৰু সমূহ খিলঞ্জীয়া জাতীয় সংগঠনৰ সহযোগত নগাঁও কাণ্ডৰ প্ৰতিবাদত হাতে-হাতে জোঁৰ লৈ এক বিশাল প্ৰতিবাদী সমদল উলিওৱা হয়৷

উক্ত সমদলত ‘অসমত অসমীয়াৰ ৰাজত্ব চলিব, অনাঅসমীয়া হুচিয়াৰ, অসমীয়া জাতীৰ স্বাভিমানত আঘাত হনা অপশক্তি হুচিয়াৰ, আছে হেংদাঙ লোৱা নাই, ল’লে হেঙদাং ৰক্ষা নাই’, আদি জাতীয় শ্ল’গানেৰে সমগ্ৰ জামুগুৰিহাটৰ ব্যৱসায় কেন্দ্ৰস্থল উত্তাল কৰি তোলে৷

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close