অসম

আটাছুৰ দখলত গড়গাঁও ছাত্ৰ একতা সভা

প্ৰথম খবৰ, শিমলুগুৰি: ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা দখল কৰে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সমৰ্থিত প্ৰাৰ্থীয়ে। শিৱসাগৰ জিলাৰ গড়গাঁও মহাবিদ্যালয়ত আজি অনুষ্ঠিত হোৱা ছাত্ৰ একতা সভা নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠ হিচাবে বিজয়ী হয় আটাছুৰ বিশ্বজিৎ বুঢ়াগোঁহাই (সভাপতি), গিৰ্তাথী গগৈ (উপ সভাপতি), অবিনাশ শইকীয়া (সাধাৰণ সম্পাদক), প্ৰাঞ্জল গগৈ (সহঃ সম্পাদক), মনোযুগ্ধ ৰাজকোঁৱৰ (সাংস্কৃতিক), আফৰাজ ৰহমান (খেল), ভাৰ্গৱ লিগিৰা (আলোচনী), প্ৰাঞ্জল প্ৰতীম ৰাজকোঁৱৰ (গুৰু খেল), ফাল্গু বল্লভ ৰাজকোঁৱৰ (লঘু খেল), নিকুমণি মহন (ছাত্ৰী জিৰণি চৰা) আৰু পৰিক্ষিত গগৈ (শৰীৰ চৰ্চা)।

একতা সভা নিৰ্বাচনত সদৌ অসম ছাত্ৰ সন্থা আৰু অখিল ভাৰত বিদ্যাৰ্থী পৰিষদেও প্ৰতিদ্বন্দিতা কৰিছিল যদিও আটাছুৰ এঘাৰ জন সদস্য বিজয়ী হয়। আটাছুৰ নাজিৰাৰ মহকুমা সমিতিৰ কাৰ্যালয়ত বিজয়ী প্ৰাৰ্থীসকলক আটাছুৰ মূখ্য উপদেষ্টা অশ্বিনী চেতিয়াৰ লগতে কেন্দ্ৰীয় সাংগঠনিক সম্পাদক প্ৰশান্ত বৰগোঁহাইৰ উপস্থিতিত ফুলাম গামোচাৰে আদৰণি জনায়। লগতে শিৱসাগৰ জিলাৰ যুটীয়া সম্পাদক মানস সন্দিকৈয়েও অভিনন্দন জ্ঞাপন কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close