অসমশীৰ্ষ

আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত গোলকগঞ্জৰ কিশোৰী কশক আগৰৱালা : ছিলভাৰ মেডেল অৰ্জন

প্ৰথম খবৰ,গোলকগঞ্জ: কলিকতাৰ নেতাজী ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত তৃতীয় আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত ধুবুৰী জিলাৰ গোলকগঞ্জৰ কিশোৰী কশক আগৰৱালাই ছিলভাৰ মেডেলৰ লগতে মানপত্ৰ অৰ্জন কৰে । গোলকগঞ্জ তথা ধুবুৰী জিলাৰ সুনাম কঢ়িয়াই আনিছে কিশোৰী গৰাকীয়ে । যোৱা ২৯ আৰু ৩০ জুলাই ২০১৭ ত অনুষ্ঠিত হোৱা কাৰাটে প্ৰতিযোগিতাত ভাৰত, বাংলাদেশ, ভুটান, নেপাল তথা সিংগাপুৰকে ধৰি বিভিন্ন দেশৰ খেলুৱৈ অংশগ্ৰহণ কৰিছিল । কশক আগৰৱালাই ইৰানৰ খেলুৱৈক পৰাস্ত কৰি ছিলভাৰ মেডেল লাভ কৰে। ছাত্ৰী গৰাকীয়ে সাফল্য লাভ কৰাত গোলকগঞ্জ ব্যৱসায়ী সমিতিয়ে খেলুৱৈ গৰাকীৰ গৃহত উপস্থিত হৈ শৰাই আৰু ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰে । সমিতিৰ সভাপতি ৰাজীৱ ৰায়, প্ৰাক্তন খেলুৱৈ সপন লাল দে, গৌতম সেঠীয়া, সমাজ সেৱক কাৰ্তীক সাহা, মনোজ কান্তী দেৱ, জিবু দেৱনাথ আদিয়ে । গোলকগঞ্জৰ বিশিষ্ট ব্যৱসায়ী সঞ্জয় আগৰৱালাৰ কন্যা তথা আলিপুৰ দুৱাৰৰ কাৰাটে বিদ্যালয়ৰ সপ্তম শ্ৰেনীৰ ছাত্ৰী কশক আগৰৱালা ।

Related Articles

Leave a Reply

Close