কবিতাসাহিত্য

আপুনি প্ৰেমত পৰিছে নেকি পৰেশ বৰুৱা

প্ৰাঞ্জল দত্ত:

আপুনি বাৰু কাহানিবা প্ৰেমত পৰিছে নেকি পৰেশ বৰুৱা ?
কঁহুৱাৰ আঁৰ লৈ জুমি চাইছেনে কাহানিবা
নৈত স্নানৰত মেঠনি মৰা গাভৰুজাকক
জাকৈয়া গাভৰুৰ উদং কলাফুলত ৰচিত হৈছিলনে
উদ্ভ্ৰান্ত অশ্লীল নিশাৰ সপোন ?

নাইবা বন্ধুৰ লগত আদ্দাবাজ আবেলিবোৰত
কোনোবা ৰূপহীৰ দেহবল্লবীৰ বিৱৰণে জমি উঠিছিল নে আড্ডাৰ থলী ।
বেশ্যাৰ বুকুত কেতিয়াবা সঁপি দি পাইছেনে উষ্ণ উশাহ ?
জনপ্ৰিয় গীতৰ সুহুৰিৰে কলেজীয়া গাভৰুজাকক জোকাই পাইছিলনে
‘অসভ্যটো ক’ৰবাৰ’ বুলি মৰমৰ ধম্’ক খাইছেনে কেতিয়াবা ?

ধেৎতেৰি কিবোৰ যে সুধি আছো মই, আপুনিটো অসাধাৰণ বিপ্লৱী
আপোনাৰ প্ৰেম স্বদেশ,জাতি,মাটি
উদিত সূৰ্য্যৰ সপোনত এক বিভোৰ সত্তা দিয়ক পৰেশ বৰুৱা ।

আচলতে কি জানে……? নুসুধিও নোৱাৰি
আপোনাৰ হৃদয় বা মগজু এটা আছে বুলি ধৰি ল’বও নোৱাৰি ।
মানুহে শুনিলে মোক পাগল বুলিব
হয়, মই পাগলেই হৈছো কিজানি !
অসমীয়াৰ স্বাভিমানত বহিৰাগতৰ কোব পৰিছে বৰুৱা
ৰজাঘৰীয়াইও টেটুচেপা দিবলৈ উঠি পৰি লাগিছে তেজাল জাতীয়তাবোধক ।
জাতীয়চেতনতবোৰ আজি নিঃশেষ হোৱাৰ পথত বৰুৱা
সকলোবোৰ দেখিছে নহয় বৰুৱা, চিলাপথাৰৰ পাছত আকৌ জ্বলিছে জুইকোৰা
ৰজাৰ আৰ্শীষপুষ্ট বহিৰাগতৰ ৰঙাচকু আৰু কিমানদিনলৈ বৰুৱা?
মোক ক্ষমা কৰিবা বৰুৱা
তেতিয়াৰ পৰাই মই পাগল হৈছো চাগে বৰুৱা
বুকুৰ সাহস হেৰুৱাৰ দুখত পাগল

কিমানো আৰু ফোন,বিবৃতিবোৰ মূৰ্খৰ বাকচটোলৈ প্ৰেৰণ কৰি সাৱধানবাণী শুনাব।

অ’ বৰুৱা এবাৰ আপুনিও পাগল হৈ চাওকচোন সাধাৰণ মানুহৰ প্ৰেমত।

Related Articles

Leave a Reply

Close