অসম

আমগুৰিত বৃহৎ পৰিমাণৰ ফটকা জব্দ

প্ৰথম খবৰ, আমগুৰি: আমগুৰিত আজি একাংশ জাতীয় সংগঠনে অভিযান চলাই বৃহৎ পৰিমাণৰ ফটকা উদ্ধাৰ কৰে। ফটকা সমূহ আমগুৰি দৈনিক বজাৰত অৱস্থিত মনিচ চপ নামৰ এখন দোকানৰ পৰা উদ্ধাৰ কৰে।

উল্লেখ্য যে, আহোম জাতীয় গণমঞ্চৰ নেতা পুলকেশ গগৈ, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ পল্লৱজ্যোতি গগৈ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ জিলা সভাপতি দুলাল কলিতাৰ নেতৃত্বত যোৱা দলে অভিযান চলাই প্ৰায় দহ হাজাৰ টকা মূল্যৰ ফটকা উদ্ধাৰ কৰি আৰক্ষীক চমজাই দিয়ে। আৰক্ষীয়ে উক্ত ফটকা জব্দ কৰাৰ লগতে দোকানখনৰ স্বত্বাধিকাৰী পিংকু দেক আটক কৰে।

Related Articles

Leave a Reply

Close