অসম

আমবাৰী সাধুভাষা সমবায় সমিতিত বৃহৎ কেলেংকাৰী, সম্পাদক নিলম্বন

প্ৰথম খবৰ, পানবাৰী: ধুবুৰী জিলাৰ বিলাসীপাৰা অসামৰিক খাদ্য আৰু যোগান বিভগৰ অন্তৰ্গত আমবাৰী সাধুভাষা সমবায়ত বিগত দহ বছৰে সম্পাদক আৰু যোগান বিষয়াৰ পৰোক্ষ সহযোগত ব্যাপক অনিয়ম সংগঠিত কৰি ৰাইজক ৰাম ঠগন দিয়াৰ বাতৰি শেহতীয়াকৈ ওলাই পৰিছে।

অভিযোগকাৰী সমাজ কৰ্মী নুৰ ইছলাম শেখৰ মতে যোৱা জুলাই মাহৰ ২১ ৰ পৰা ২৮ তাৰিখলৈকে বিভাগে মুঠ ১৮৯৭.৭৩ কুইন্টল চাউল আৱণ্টন দিয়ে যদিও সম্পাদক আজিজুৰ ৰহমান কাজী, চিয়াৰমেন চান্দ মামুদে ১৩৩ কুইন্টল চাউল কলা বজাৰত বিক্ৰী কৰে যদিও যোগান বিভাগৰ পৰিদৰ্শক নিত্য গোপাল সাহা আৰু উপ পৰিদৰ্শক পাটৰ উপাদি থকা বিষয়া দুজনে ষ্টোক ভেৰিফাই কৰি দেখুৱাই সমস্ত বিষয়টো গাপ দিয়াৰ চেষ্টা কৰে।

সমগ্ৰ ঘটনা বিলাসীপাৰা মহকুমাধিপতি মাননীয় লক্ষ্মীপ্ৰিয়াৰ হস্তক্ষেপত সকলো পোহৰলৈ আহে। কিন্তু অতি দুৰ্ভাগ্যজনক কথা হ’ল অভিযোগকাৰী সমগ্ৰ কেলেংকাৰী প্ৰমান কৰাৰ পিছতো বগৰিবাৰী আৰক্ষী চকীত গোচৰ দিয়াৰ পিছতো Case Register কৰা নাই,  ইয়াতো টকা লেনদেন হৈছে বুলি অভিযোগ উঠিছে। দুৰ্ভাগ্যজনক কথা সকলো প্ৰমাণ হোৱাৰ পিছতো দায়িত্বত থকা বিষয়ববীয়া আৰু সমবায়ৰ সম্পাদক মুকলি আকাশৰ তলত ফুৰি আছে। মুখ্যমন্ত্ৰীৰ দুৰ্নীতিমুক্ত অসমৰ এইকাৰ্য্যত কিয় গ্ৰেপ্তাৰ নহ’ল আচামী? ইতিমধ্যে টকা লেনদেনৰ ভিডিঅ অভিযোগকাৰীৰ হাতত আহি পৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close