অসম

আৰএছএছ গ’ বেক ধ্বনিৰে উত্তাল শিমলুগুৰি

প্ৰথম খবৰ, শিমলুগুৰি :ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু শিমলুগুৰি আঞ্চলিক সমিতিৰ সহযোগত আজি সন্ধিয়া শিমলুগুৰিৰ পৰা বালিঘাট তিনি আলিলৈকে প্ৰতিবাদী জোঁৰ সমদল কাৰ্যসূচী গ্ৰহণ কৰে ! বিদ্যালয় সমুহ আৰএছএছ ৰ প্ৰভাৱৰ পৰা মুক্ত কৰি সাম্প্ৰদায়িক অস্ত্ৰ শিক্ষা বন্ধ কৰা, এজনীয়া শিক্ষকৰ দ্বাৰা চলি থকা বিদ্যালয়ত শিক্ষক নিযুক্তি দিয়া, ভেঞ্চাৰ স্কুলৰ প্ৰাদেশীকৰণ কৰা আৰু শিক্ষকক অপমান কৰা শিক্ষা মন্ত্ৰীক অপসাৰণ কৰা দাবীৰে আৰএছএছ গ’ বেক , বিজেপি চৰকাৰ হুছিয়াৰ আদি চৰকাৰ বিৰোধী ধ্বনিৰে প্ৰতিবাদ কৰে।

Related Articles

Leave a Reply

Close