অসম

আৰক্ষীৰ নিয়মীয়া তালাচীত দৌলাশালত চোৰাং বালি ভৰ্তি ট্ৰাক জব্দ

প্ৰথম খবৰ, চেঙা: ৰাজ্যখনত অব্যাহত আছে চোৰাং বালিৰ বেহা। বৰপেটা জিলাৰ সৰভোগৰ বেকী নদীৰ বালি চোৰাংভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ হৈ থকাৰ অভিযোগ উত্থাপিত হৈ থকাৰ সময়তে আজি নলবাৰী জিলাৰ দৌলাশাল আৰক্ষীয়ে এখন চোৰাং বালি ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়। জব্দ কৰা ট্ৰাকখনৰ নম্বৰ এ এচ 26- চি-2129।

আজি দৌলাশাল আৰক্ষীয়ে নিয়মীয়া তালাচী চলাই থকা কালত ১৩ ঘনমিটাৰ বালি চালান বিহীনভাৱে কঢ়িয়াই অনা ট্ৰাকখন জব্দ কৰা বুলি জানিব পৰা গৈছে। সৰভোগৰ বেকী নদীৰ পৰা মুকালমুৱালৈ আনিছিল চোৰাং বালিখিনি। দৌলাশাল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পুলকেশ ৰাভাই বালি ভৰ্তি ট্ৰাকখন জব্দ কৰি নলবাৰী আঞ্চলিক বন বিষয়াক জনোৱাৰ পিছত বন বিষয়া দিলীপ কুমাৰ দাসে চোৰাং বালি ভৰ্তি ট্ৰাকখন ছমজি লয়।

Related Articles

Leave a Reply

Close