অসমলাফিকুল

ইনতাজ আলিক চি আই ডি’ৰ জেৰা: সাঙুৰ খাব পাৰে বহু প্ৰভাৱশালী আৰক্ষী বিষয়া

প্ৰথম খবৰ, গোসাঁইগাঁও: কোকৰাঝাৰৰ তিতাগুৰীত দিন দুপৰতে শূন্য দূৰত্বৰ পৰা গুলিয়াই হত্যাকৰা ছাত্ৰ নেতা লফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ তদন্ত চি আই ডি’ৰ হাতত অৰ্পন কৰাৰ পিছতে বহু বিস্ফোৰক তথ্য উদঘাটন হোৱাৰ সম্ভাৱনীয়তা নিশ্চিত হৈ পৰিছে ৷ এই হত্যাকাণ্ডৰ লগত সাঙুৰ খাই পৰা গোসাঁইগাঁও টকীয়ামাৰী গাঁৱৰ ইনতাজ আলিক কালি আৰক্ষীয়ে আটক কৰি ৰুদ্ধধাৰ জেৰা চলোৱাৰ পিছতে আজি কোকৰাঝাৰ আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰা হয় ধৃত ইমতাজক৷

এক প্ৰকাৰে গোসাঁইগাঁও ভাওৰাগুৰীত সমান্তৰাল মাফিয়াগিৰী চলাই নিয়া ইমতাজক সোধ-পোছৰ বাবে আজি বিয়লি চি আই ডি’ৰ দল কোকৰাঝাৰত উপস্থিত হোৱা বুলি এক সূত্ৰই প্ৰকাশ কৰিছে ৷ আনহাতে দীৰ্ঘদিন ধৰি মহকুমাখনত গৰুৰ চোৰাং ব্যৱসায় আৰু কাঠৰ অবৈধ সৰবৰাহত জড়িত ইমতাজ অতি কম দিনতে সম্পত্তিৰ পাহাৰ গঢ়ি তুলিছিল৷ সাধাৰণ জীৱনৰ পৰা কম দিনৰ ভিতৰতে বিলাসী জীৱন-যাপন কৰা ইনতাজ আলি বিভিন্ন মহলৰ পৰা অবৈধ ভাৱে দাবী ধমকীৰে ধন সংগ্ৰহ কৰাৰো অভিযোগ উত্থাপিত হৈছে৷ ভাওঁৰাগুৰীৰ ৰাইজে সংবাদ মাধ্যমৰ আগত আজি ইনতাজৰ ফাঁচীৰ দাবী উত্থাপন কৰি ছাত্ৰ নেতা লফিকুল ইছলামৰ হত্যাকাণ্ডৰ উচিত শাস্তিৰ দাবী তুলে৷ ইয়াৰোপৰি ধৃত ইমতাজৰ বহু বিস্ফোৰক অভিযোগ উত্থাপন কৰে৷ অভিযোগ মতে, ইনতাজ আলি বহিঃ ৰাজ্যৰ পৰা শ্ৰীৰামপুৰ হৈ অসমত প্ৰৱেশ কৰা গৰুৰ চোৰাং বেহাৰ লগত জড়িত আছিল আৰু অবৈধ গৰু সৰবৰাহ কৰা সকলৰ পৰা মুকলি ভাৱে ধন সংগ্ৰহ কৰি আহিছিল আৰু এটা অংশ আৰক্ষীৰ উচ্চ পদস্থ বিষয়াক যোগান ধৰি আহিছিল বুলি অভিযোগ। এক প্ৰকাৰে আৰক্ষীৰ ছত্ৰছায়াত দপ দপাই মাফিয়াগীৰি চলাই নিছিল ইনতাজ আলিয়ে। আনকি তিৰ, জুৱাৰ পৰাও সংগ্ৰহ কৰিছিল ধন। অঞ্চলটোৰ ৰাইজক বিভিন্ন উন্নয়নমুলক কামত অংশীদাৰী দাবী কৰিও সংগ্ৰহ কৰিছিল ধন৷

আনহাতে বৈধ-অবৈধ কামত জড়িত থকাৰ পিছতো ইনতাজৰ বিৰুদ্ধে কোনো গোচৰ দিয়াৰ সাহস কৰিব পৰা নাছিল সাধাৰণ ৰাইজ তথা ভুক্তভুগীয়ে৷ ইনতাজ আলিয়ে আৰক্ষীৰ প্ৰভাৱশালী বিষয়াৰ লগত সঘনাই ফোনযোগে যোগাযোগ ৰক্ষা কৰি আহিছিল যাৰ ফলত বিভিন্ন আৰক্ষী চকীত নিয়োজিত আৰক্ষী বিষয়া সকলেও তেওঁৰ বিৰুদ্ধে কোনো কথা কোৱাৰ সাহস গোটাব পৰা নাছিল। ফলত অঞ্চলটোত এক প্ৰকাৰে সমান্তৰালভাৱে মাফিয়াৰাজ চলাইছিল ধৃত ইমতাজে৷ সকলোবোৰ চোৰাং ব্যৱসায়ত জড়িত হৈ পৰা ইনতাজ আলিৰ সহযোগ কৰিছিল কেইবাজন ব্যক্তিয়ে ৷ সম্প্ৰতি ইমতাজৰ অবৈধ ধন সংগ্ৰহত জড়িত থকা চিৰাজুল হক আৰু ইলিয়াজ আলি পলাতক। দুয়োগৰাকী সতীৰ্থৰ সন্ধানত সম্প্ৰতি আৰক্ষীয়ে তীক্ষ্ণ দৃষ্টি ৰাখিছে যদিও কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই৷

উল্লেখ্য যে, আৰক্ষীৰ অতি ঘনিষ্ঠ হৈ পৰা ইনতাজ আলি বিভিন্ন জনৰ আৰক্ষীৰ জৰিয়তে হাৰাশাস্তি কৰি ধন দাবী কৰি অহাৰ পিছতো মুকলিভাৱে চলাচল কৰি আহিছিল যাৰ ফলস্বৰূপে ৰাইজৰ মাজত এক প্ৰকাৰে আতংকৰ আন এক কাৰক হৈ পৰিছিল গো মাফিয়া ইমতাজ আলি৷

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close