অসম

উত্তপ্ত বি এইচ কলেজ: অধ্যাপকে ছাত্ৰীলৈ পঠোৱা অশ্লীল মেছেজকলৈ ছাত্ৰ-ছাত্ৰীৰ ধৰ্ণা

প্ৰথম খবৰ, বৰপেটাৰোড: নামনি অসমৰ বৰপেটা জিলাৰ হাউলীত অৱস্থিত ঐতিহ্যমণ্ডিত বি এইচ কলেজৰ এগৰাকী অধ্যাপকে অলপতে এজনী ছাত্ৰীক ওৱাটছআপত অশ্লীল মেছেজ দিয়াক কেন্দ্ৰ কৰি আজি কলেজখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। প্ৰাপ্ত অভিযোগ মতে, কলেজখনৰ দৰ্শন বিভাগৰ অধ্যাপক ড: আব্দুল ছায়েম চিদ্দিকীয়ে কলেজখনৰ এগৰাকী ছাত্ৰীক ওৱাটছআপত অশ্লীল মেছেজ দিয়াৰ এক বাতৰি যোৱা শুক্ৰবাৰৰ পৰা চছিয়েল মিডিয়াত তথ্য সহকাৰে প্ৰকাশ হৈ আছিল। এই কাৰ্যই কলেজখনৰ সুনাম নষ্ট কৰাত জাঙুৰ খাই উঠে কলেজখনক ভালপোৱা ছাত্ৰ সমাজ। সেয়েহে কলেজখনৰ ছাত্ৰ একতা সভা আৰু আছুৰ বৰপেটাৰোড- হাউলী ছাত্ৰ সন্থা(গোট), অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ( বৰপেটা)ৰ সদস্য সকলে এই সম্পৰ্কত কলেজখনৰ অধ্যক্ষ ডঃ ভূষণ পাঠকৰ ওচৰত যোৱা শনিবাৰে লিখিত অভিযোগ দাখিল কৰে।

অভিযোগ পত্রত তেওঁলোকে ছাত্ৰীক অশ্লীল মেছেজ দিয়াৰ অভিযোগ উঠা অধ্যাপক ড: চিদ্দিকীৰ বিৰুদ্ধে অনতিপলমে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী তুলে। অন্যথাই গনতান্ত্ৰিক আন্দোলন কৰিব বুলি সকীয়াই দিয়ে। কিন্তু বৰ্তমানলৈ অভিযোগ উঠা অধ্যাপকজনৰ বিৰুদ্ধে কলেজ কৰ্তৃপক্ষই বিশেষ কোনো পদক্ষেপ গ্ৰহণ নকৰাত আজি ছাত্ৰ – ছাত্ৰী সকল উত্তপ্ত হৈ পৰে। তাৰে প্ৰতিবাদত ছাত্ৰ একতা সভাৰ নেতৃত্বত তেওঁলোকে আজি কলেজ চৌহদত ধৰ্ণা কাৰ্যসূচী পালন কৰি অধ্যাপকজনৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা লবলৈ দাবী তোলে। যদি দুই এদিনৰ ভিতৰত একো ব্যৱস্থা নলয় তেতিয়া হ’লে ইয়াতকৈও ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকীয়াই দিয়ে। আনহাতে, অধ্যক্ষ গৰাকীয়ে এই সম্পৰ্কত সংবাদ মাধ্যমক জনায় যে বিষয়টো ইতিমধ্যে কলেজ পৰিচালনা সমিতিৰ সভাপতি তথা মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীক অৱগত কৰা হৈছে আৰু দুই এদিনতে তেখেতৰ উপস্থিতিত কলেজ পৰিচালনা সমিতিৰ অনুষ্ঠিত হ’বলগীয়া সভাত এই সম্পৰ্কত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব।

Related Articles

Leave a Reply

Close