অসমবানপানী ২০১৭শীৰ্ষ

উত্তৰ অভায়াপুৰীত আই নদীৰ তাণ্ডৱ: ২৪ ঘণ্টাত গৰাখহনীয়াত জাহ গ’ল বিদ্যালয় সহ ৪০ টা পৰিয়ালৰ বাসগৃহ

⁠⁠⁠⁠প্ৰথম খবৰ, মানিকপুৰ: বঙাইগাঁও জিলাৰ উত্তৰ অভায়াপুৰী সমষ্টিত বানৰ পিছত এতিয়া গৰাখহনীয়াৰ তাণ্ডৱ। সমষ্টিৰ মাজেৰে বৈ যোৱা আই নদীয়ে কালৰূপ ধাৰণ কৰিছে। বান পানী অলপ মান কমি অহাৰ লগে লগে নদীৰ তীব্ৰ সোঁতত খহাই নিছে টেনটনপুৰ গাঁৱৰ ঘৰ-দুৱাৰ অনুষ্ঠান-প্ৰতিষ্ঠান।

২৪ ঘন্টাৰ ভিতৰত গাঁওখনৰ ৪০ টা পৰিয়ালৰ ঘৰ মাটি উছন হয়। গাঁওখনৰ একমাত্ৰ শিক্ষানুষ্ঠান টেনটনপুৰ প্ৰাথমিক বিদ্যালয় খনো নদীৰ বুকুত বিলীন হ’ল। শিক্ষা লাভৰ পৰা বঞ্চিত হ’ল শতাধিক ছাত্ৰ-ছাত্ৰী। বিদ্যালয়খনৰ উপৰিও মছজিদ, কবৰস্থান আদি ৰাজহুৱা প্ৰতিষ্ঠান দুখনো নদীত জাহ যায়।

শ শ কৃষিভূমি নদীৰ গৰাখহনীয়াৰ কবলত পৰিছে। মুৰে কপালে হাত দিছে দুখীয়া ৰাইজে। কিন্তু কুম্ভকৰ্ণ নিদ্ৰাত আছে বিধায়ক আব্দুল হাই নাগৰি। প্ৰশাসনৰো নাই দেখা-দেখি। বানপানীৰ ক্ষতিগ্ৰস্ত লোকৰ লগতে গৰাখহনীয়াত ভেটি মাটি উছন হোৱা পৰিয়ালক ক্ষতি পুৰণ দি পুনৰসংস্থাপন দাবী কৰিছে ক্ষতিগ্ৰস্ত লোকে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close