বিনোদনশীৰ্ষ

এগৰাকী অসমীয়া গায়িকা আৰু LOVE SEX DHOKHA

প্ৰতিবেদন ১: অসমৰ বিনোদন জগতৰ আন এক অকথিত কাহিনী। ক্ৰমাৎ পোহৰলৈ অহা চাঞ্চল্যকৰ ঘটনাই তোলপাৰ লগাবলৈ আৰম্ভ কৰিছে। প্ৰথম খবৰত আমি জনাম সবিশেষ। কোন এই গৰাকী  শিল্পী? আঁৰত কোন? কি এই ঘটনা?

নিউজ ডেস্ক, প্ৰথম খবৰ: ‘গ্লেমাৰ’ বৰ্তমান সময়ত বহুলভাৱে প্ৰচাৰিত এটি শব্দ হৈছে গ্লেমাৰ। এই গ্লেমাৰৰ বলি হৈছে অসমৰ বহু সংখ্যক গায়ক-গায়িকা, অভিনেতা-অভিনেত্ৰী। হেৰুৱাই পেলাইছে স্বকীয়তা। নিজৰ কৰ্তব্যত অটুট থাকি নিজৰ কৰ্মক সন্মান জনাই দৃঢ়তাৰে যিসকল আগুৱাইছে তেওঁলোকৰহে আছে প্ৰকৃত গ্লেমাৰ। কিন্তু আজিৰ এচামে গ্লেমাৰৰ সোঁতত নিজক উটুৱাই পাহৰি পেলাইছে জীৱনৰ মূল্য।

সকলোৱে কয়, এজন পুৰুষৰ সফলতাৰ আঁৰত এগৰাকী নাৰী থাকে। এগৰাকী নাৰী সফলতাৰ আঁৰতো এজন পুৰুষ থাকিব পাৰে। শুনিবলৈ সাধু কথা যেন লাগিলেও অসমৰ এগৰাকী জনপ্ৰিয় গায়িকাৰ এই জনপ্ৰিয়তাৰ আঁৰৰ সকলো কাহিনী আমি লৈ আহিম। লৈ আহিম কাহিনীৰ আঁৰৰ কাহিনী। এয়া হৈছে এক সঁচা জীৱনৰ সঁচা কাহিনী। আমি আপোনালোকক জনাম গ্লেমাৰৰ ভোকত দৌৰা এইগৰাকী গায়িকাৰ প্ৰকৃত পৰিচয়।

তেন্তে আহক, আৰম্ভ কৰোঁ এই ছিৰিজ। সহজ-সৰল, কবিতা লিখি ভাল পোৱা, গীত ৰচি ভাল পোৱা, গীত গাই ভালপোৱা এজন গাঁৱৰ সাধাৰণ যুৱক।

সেইসময়ত আছিল কলেজৰ শ্ৰেষ্ঠ গায়ক। কলেজীয়া দিনতেই মাথোঁ ১৮-১৯ বছৰ বয়সতেই প্ৰেমত পৰিছিল চঞ্চলা-চপলা গান গাই ভালপোৱা এগৰাকী যুৱতীৰ। যি আজিৰ আমাৰ এই কাহিনীৰ নায়িকা।

প্ৰেমৰ পৰিণতি হিচাপে কিছুদিন পিছতেই প্ৰেমিকাই নিজ ঘৰ ত্যাগ কৰি এইজন নায়কৰ লগত গোপনীয়ভাৱে বিবাহ-পাশত আৱদ্ধ হৈছিল। আৰু স্বামীৰ ঘৰৰ মানুহেও আকুলতাৰে আঁকোৱালি লৈছিল কম বয়সীয়া ন-বোৱাৰীক। কিন্তু শহুৰ পৰিয়ালত চিন্তা হৈছিল কলেজীয়া জীৱন শেষ নহওঁতেই বিবাহপাশত আৱদ্ধ হোৱা নৱ দম্পতীৰ কৰ্ম-জীৱন তথা ভৱিষ্যতক লৈ।

কম বয়সীয়া হৈয়ো স্বামীয়ে অনুভৱ কৰিছিল যে গীত গাই ভালপোৱা পত্নীগৰাকীয়ে সেই বয়সতেই ঘৰ ধৰি জীৱন কটোৱাতকৈ গীতৰ জৰিয়তেই তেওঁৰ এই নৱ জীৱনটো আগুৱাই নিয়ক। ইয়াৰে পৰিণতি হিচাপে সকলো বাদ্য-যন্ত্ৰ ঘৰতেই যোগাৰ কৰি স্বামীয়ে নিজ গায়কি ত্যাগ কৰি উঠি-পৰি লাগিল প্ৰেমিকা তথা পত্নীৰ জীৱন গঢ়াত। ঠায়ে ঠায়ে লাহেকৈ গীত পৰিৱেশন কৰি চিনাকি বুটলিবলৈ আৰম্ভ কৰোতেই সপোনৰ সঠিক পথ বিচাৰি পত্নীক লগত লৈ গুৱাহাটীলৈ বুলি যাত্ৰা আৰম্ভ কৰিলে।

কিন্তু গুৱাহাটীলৈ আহি কি হ’ল? সপোনৰ জগতত  কেনেকৈ নিজক হেৰুৱালে? তেওঁৰ চিনাকিৰ সৈতে সংপৃক্ত হৈ থকা স্বামীৰ পৰিচয় কিয় তেওঁক নালাগে? সুৰাসক্ত পত্নী আৰু স্বামীৰ সম্বন্ধ বৰ্তমান বিচ্ছেদৰ পথত। আৰু বহু চাঞ্চল্যকৰ নথি লৈ আমি আহিম পৰৱৰ্তী প্ৰতিবেদনত। উচ্ছৃংখলতাৰ চূড়ান্ত কাহিনীয়ে আপোনাকো সিঁহৰিত কৰিব।

Related Articles

4 thoughts on “এগৰাকী অসমীয়া গায়িকা আৰু LOVE SEX DHOKHA”

  1. ভাল লাগিছে online ত সকলো খবৰ পাবলৈ সক্ষম হৈছো প্ৰথম খবৰৰ জৰিয়তে ।

  2. বি. এইচ. কলেজত আছু গোট এ এবিভিপি গ’ বেক ধ্বনিৰে মুখৰিত কৰিলে কলেজ চৌহদ | আছুৱে নিজৰ দোষ ঢাকিবলৈ অপ প্ৰচাৰ চলাই আছে | ঘটনাৰ সাক্ষী বেদান্ত দাস সহিতে সমূহ বিএইচিয়ান |

Leave a Reply

Your email address will not be published. Required fields are marked *

Close