অসমলাফিকুল

এবিএমছুৰ সভাপতিক হত্যাৰ লগত জড়িত দুৰ্বৃত্তক আটক কৰাৰ দাবীত আমছু’ৰ টায়াৰ জ্বলাই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

প্ৰথম খবৰ, গোসাঁইগাঁও: সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাৰ সভাপতি লাফিকুল ইছলামক কোকৰাঝাৰ জিলাৰ টিতাগুৰীত গুলিয়াই হত্যাকৰা ঘটনাৰ প্ৰতিবাদত আমছু’ৰ গোসাঁইগাঁও জিলা সমিতিয়ে ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰি প্ৰতিবাদ জনাই ৷ গোসাঁইগাঁও সংলগ্ন ৩১ নং (গ) ৰাষ্ট্ৰীয় ঘাইপথৰ পদ্মবিলত আজি দুই শতাধিক আমছু আৰু এবিএমছু কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰি ৰাষ্ট্ৰীয় ঘাইপথটো অৱৰোধ কৰি সংখ্যালঘু নেতাক হত্যা বন্ধ কৰক, লফিকুল ইছলামৰ হত্যাকাৰীক শীঘ্ৰে আটক কৰক, পুলাচ প্ৰশাসন হায় হায়, অসম চৰকাৰ হায় হায় আদি প্ৰতিবাদী ধ্বনিৰে ৰাষ্ট্ৰীয় ঘাইপথটোৰ আকাশ-বতাহ উত্তাল কৰি তুলে৷ ইপিনে প্ৰতিবাদস্থলীৰ পৰা আমছু’ৰ কেন্দ্ৰীয় উপ সভাপতি ৰফিকুল ইছলামে আৰক্ষী প্ৰশাসনৰ নিৰ্লিপ্ত ভূমিকাৰ বাবে এনেদৰে মুকলি স্থানত এগৰাকী ছাত্ৰ নেতাক গুলিয়াই হত্যা কৰা ঘটনাৰ চি বি আই তদন্তৰ দাবী জনাই ৷ ইয়াৰ উপৰি এবিএমছু’ৰ প্ৰাক্তণ গোসাঁইগাঁও জিলা প্ৰাক্তন সভাপতি আছৰাফুল ইছলামে এই হত্যাকাণ্ডৰ লগত প্ৰশাসন জড়িত বুলি গুৰুতৰ অভিযোগ কৰে ৷

আনহাতে উক্ত ঘটনাক তীব্ৰভাৱে গৰিহণা দিয়ে ৷ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, সদৌ অসম চাওঁতাল ছাত্ৰ সন্থা, যুদ্ধ বিৰত চাওঁতাল টাইগাৰ ফৰ্চ (STF), গোসাঁইগাঁও যুৱ কংগ্ৰেছ, আপা’কে আদি কৰি বিভিন্ন সংগঠণৰ নেতৃবৃন্দই উক্ত হত্যাকাণ্ডৰ তদন্তৰ দাবী কৰি হত্যাকাৰীক আটক কৰাৰ দাবী জনায়৷ ইয়াৰ উপৰি গোসাঁইগাঁও মহকুমাৰ ভোমৰাবিল আঞ্চলিক এবিএমছু’ৰ সভাপতি খাইৰুল ইছলাম শ্বেখে উক্ত ঘটনাৰ লগত জড়িত সকলক আটক কৰাৰ দাবীত ভোমৰাবিলত সকলোবোৰ ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধ ৰখা বুলি জানিবলৈ দিয়ে ৷

Related Articles

Leave a Reply

Close