অসম

কংগ্ৰেছৰ পথকে অনুকৰণ কৰিছে বিজেপিয়ে–ঐক্য সেনা অসম

নিউজ ডেস্ক,প্ৰথম খবৰ: দীনদয়াল উপাধ্যায়ৰ নামত এখন বা দুখন মহাবিদ্যালয় অসমত স্থাপন হ’লে আমাৰ কবলগীয়া একো নাছিল কিন্তু বিজেপিয়ে ২২খনকৈ মহাবিদ্যালয় স্থাপনৰ যি প্ৰস্তুতি হাতত লৈছে তাৰ আমি তীব্ৰ বিৰোধী| আজি গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেলৰ আয়োজন কৰি এই কথা ব্যক্ত কৰে ঐক্য সেনা অসমৰ সাধাৰণ সম্পাদক শ্বহিদুল ইছলামে| তেওঁ কয় অসমৰ ভাষা আন্দোলনত প্ৰাণ আহুতি দিয়া শ্বহীদসকলৰ ত্যাগক তেওঁলোকে উচিত সন্মান দিব পৰা নাই,তেওঁলোকৰ নামত কিয় কলেজ হ’ব নোৱাৰে? শংকৰদেৱ,লক্ষ্মীনাথ বেজবৰুৱা,ভূপেন হাজৰিকাৰ নামত আগতে কলেজ পাতক জাতীয়তাবাদ,অসমৰ জাতি-মাটী-ভেটিৰ কথা কোৱা বিজেপিয়ে চৰকাৰে|তেওঁ লগতে কয়–কংগ্ৰেছে যেনেদৰে শাসনকালত অকল গান্ধী পৰিয়ালবাদ কৰিছিল গোটেই অসমত খনকে ঠিক সেই পথকে অনুসৰণ কৰি বিজেপিয়েও দীনদয়ালবাদ গঢ়ি তুলিব বিচাৰিছে অসমত| ঐক্য সেনা অসমে কেতিয়াও ইয়াক সফল হ’ব নিদিয়ে বুলি কৈ ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে|

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close