বিনোদনৰাষ্ট্ৰীয়

কণ্ঠশিল্পী যছ ৱাড়ালীৰ বিৰুদ্ধে গোচৰ ৰুজু

নিউজ ডেস্ক, প্ৰথম খবৰ : বলীউদৰ কণ্ঠশিল্পী যছ ৱাড়ালীৰ বিৰুদ্ধে নাৰী নিৰ্যাতনৰ গোচৰ ৰুজু কৰিছে এগৰাকী ৩৯ বছৰীয়া মহিলাই। মুম্বাইৰ উপনগৰী গোৰেগাওঁ আৰক্ষী চকীত গোচৰ ৰুজু কৰা হয়। ভুক্তভোগীয়ে জানিবলৈ দিয়া মতে, তেওঁ গোৰেগাওঁস্থিত বন্ধুৰ ঘৰত সন্ধিয়া ৫ মান বজাত গায়ক যছ আৰু তেওঁৰ বন্ধুকেইজন মানৰ লগত ফুৰিবলৈ যায়। তাত গান গোৱাক কেন্দ্ৰ কৰি যছ ৱাড়ালীৰ লগত বাক বিতণ্ডা হয় অভিযোগ উত্থাপনকাৰীৰ। আৰু তাৰ পিছতে যছে নিৰ্যাতন চলাবলৈ চেষ্টা কৰা বুলি অভিযোগ কৰে মহিলা গৰাকীয়ে। আৰক্ষীয়ে আইপিচিৰ ধাৰা ৩৫৪ আৰু ৫০৪ ৰ প্ৰয়োগ কৰি গোচৰ ৰুজু কৰিছে। কিন্তু বৰ্তমানলৈ গ্ৰেপ্তাৰ কৰা হোৱা নাই যছ ৱাড়ালীক।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close