বিনোদনৰাষ্ট্ৰীয়

কপিল শৰ্মাই জন্মদিনৰ শুভেচ্ছা জনালে সুনীল গ্ৰোভাৰক

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ : আজি জনপ্ৰিয় কমেডিয়ান সুনীল গ্ৰোভাৰৰ জন্মদিন। অভিনেতাজনক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে পৰিয়ালৰ লগতে সহস্ৰাধিক অনুৰাগীয়ে। কিন্তু আপোনালোক জ্ঞাত যে চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰা কমেডিয়ান কপিল শৰ্মাৰ লগত সুনীল গ্ৰোভাৰৰ সম্পৰ্ক ভাল নহয়। তথাপিও কপিলে জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে একালৰ সহ-অভিনেতাজনক। কপিলে টুইটাৰ যোগে জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে সুনীল গ্ৰোভাৰক। তেওঁ লিখিছে, “সুনীল গ্ৰোভাৰ পাজী, জন্মদিনৰ বহু বহু শুভকামনা জনালো। জগতৰ সমগ্ৰ সুখ আপুনি লাভ কৰক।” ইফালে অভিনেত্ৰী সুমোনা চক্ৰৱৰ্তীয়েও সুনীল গ্ৰোভাৰৰ লগত তোলা ফটো শ্বেয়াৰ কৰি জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে জনপ্ৰিয় কমেডিয়ানজনক।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close