অসম

কাকজান কলেজ এন.এছ.এছ ৰ উদ্যোগত স্বাধীনতা দিৱস পালন

প্ৰথম খবৰ,টীয়ক: সমগ্ৰ দেশবাসীৰ লগতে কাকজান কলেজতো আজি উদযাপন কৰা হয় ৭১ সংখ্যক স্বাধীনতা দিৱস। এই উপলক্ষে পুৱা ৮ বজাত কাকজান কলেজত মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক তোফেল জিলানীয়ে পতাকা উত্তোলন কৰে৷ ইয়াৰ পাছতেই মহাবিদ্যালয়ৰ এন.এছ.এছ গোটে বাহিৰ কৰে এটা বিশাল বাইক ৰেলী৷ এই ৰেলীত মহাবিদ্যালয়ৰ বহুতো ছাত্ৰই অংশ লয়৷ কাকজানৰ পৰা জগদুৱাৰলৈ বাহিৰ কৰা ৰেলীটোৰ নেতৃত্ব দিয়া অধ্যাপক লক্ষ্যপ্ৰতীম নিমলীয়া, ৰাতুল বৰুৱা আৰু তোফেল জিলানীয়ে৷

Related Articles

Leave a Reply

Close