অসম

কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰাৰ দাবীত শিলচৰত ‘ছিটু’ৰ ধৰ্ণা

প্ৰথম খবৰ, শিলচৰ: কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰাৰ দাবীত বৃহস্পতিবাৰে শিলচৰত ধৰ্ণা কাৰ্যসূচী পালন কৰে বাওপন্থী শ্ৰমিক সংগঠন ‘ছিটু’ই ৷

ছিটুৰ কাছাৰ জিলা সমিতিৰ উদ্যোগত ডাক বঙলাৰ সমীপত আয়োজিত এই ধৰ্ণাত কাগজ কলটো ডেৰ বছৰ ধৰি বন্ধ হৈ থকাত উদ্বেগ প্ৰকাশ কৰা হয় ৷ বৰাকৰ একমাত্ৰ বৃহৎ উদ্যোগটো ডেৰ বছৰ ধৰি বন্ধ হোৱাত হাজাৰ হাজাৰ শ্ৰমিক কৰ্মচাৰীৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হৈছে ৷

ন মাহ ধৰি কৰ্মচাৰীসকলৰ দৰ্মহা বন্ধ হোৱাত কৰ্মচাৰীসকলে নিজৰ ল’ৰা-ছোৱালীক শিক্ষাদান কৰিব পৰা নাই বুলিও ক্ষোভ প্ৰকাশ কৰে ছিটুৰ নেতৃত্বই ৷ শীঘ্ৰে কাগজ কলটো পুনৰুজ্জীৱিত কৰিবলৈ দাবী জনায় শ্ৰমিক সংগঠনটোৱে।
সমীন সেন ডেকা, শিলচৰ

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close