অসম

কাজলগাঁৱত জিলা এবছুৰ প্ৰতিবাদ

প্ৰথম খবৰ, কাজলগাঁও: চিৰাং জিলাৰ সদৰ কাজলগাঁৱত জিলা এবছুৰ প্ৰতিবাদ। সামাজিক মাধ্যম ফেচবুকত *বিজিত অসম* নামৰ লোক এজনে এবছুৰ সভাপতি প্ৰমোদ বড়োক হত্যা কৰিব লাগে বুলি প্ৰচাৰ চলোৱাত লোকজনক গ্ৰেপ্তাৰ কৰি শাস্তিৰ প্ৰদানৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷

চিৰাং জিলা এবছুৱে কাজলগাঁও উৰণীয়া সেঁতুৰ কাষত একত্ৰিশ নম্বৰ ৰাষ্ট্ৰীয় পথৰ ওপৰত আবেলি আঢ়ৈ বজাত আধা ঘণ্টাৰ বাবে ৰাষ্ট্ৰীয় পথ অৱৰোধ কৰি বিভিন্ন শ্ল‘গান দিয়ে৷ প্ৰতিবাদকাৰীসকলে বিজিত অসমক সন্ত্ৰাসবাদী বুলি আখ্যা কৰি চৰকাৰক এই দুষ্কাৰ্যত জড়িত বিজিত অসমক গ্ৰেপ্তাৰ কৰি শাস্তি প্ৰদান কৰিবলৈ দাবী জনায়৷

 

Related Articles

Leave a Reply

Close