অসম

কাজিৰঙাৰ বেংকত চুৰি কাণ্ড

প্ৰথম খবৰ, কাজিৰঙা: কাজিৰঙাৰ গ্ৰামীন বিকাশ বেঙ্কত চুৰি কাণ্ড৷ গেচ কাটাৰেৰে নিশা খিড়ীকীৰ ৰড কাটি চুৰে লুটি নিলে লকাৰৰ ধন৷ পুৱা স্থানীয় লোকে খোল খাই থকা খিড়ীকী প্ৰত্যক্ষ কৰাৰ পাছত পোহৰলৈ আহিল ঘটনাটো।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে বেঙ্কৰ পিছ ফালে পুখুৰীত পেলাই থোৱা গেচ চিলিণ্ডাৰ পাইপ আদি সৰঞ্জাম৷ আৰক্ষীৰ মতে পূৰ্বতে বেঙ্কত একাধিক বাৰ এনে ঘটনা সংঘটিত হৈছে৷ৱকিন্তু বেঙ্ক কৰ্তৃপক্ষই নৈশ চকীদাৰৰ ব্যৱস্থা কৰা নাই।

আন হাতে চতুৰ্থ শনিবাৰৰ বাবে বেঙ্ক বন্ধ থকাত বহু পলম কৈ আহি বেঙ্ক বিষয়া আহি উপস্থিত হয়।প্ৰাথমিক অনুসন্ধানত বেঙ্ক বিষয়াই চুৰে লুটি নিয়া ধনৰ পৰিমান প্ৰায় ৬০ হাজাৰ বুলি উল্লেখ কৰিলেও পৰৱৰ্তী পৰ্যায়তহে আচল পৰিমান উলিয়াব পৰা হ’ব বুলি প্ৰকাশ কৰে । চোৰৰ সন্ধানত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে ৷

Related Articles

Leave a Reply

Close