অসমশীৰ্ষ

কাজিৰঙা কঁহৰা আৰক্ষীৰ সফলতা, তিনি চুৰ আটক

প্ৰথম খবৰ, কাজিৰঙা: কাজিৰঙাৰ কঁহৰা আৰক্ষীৰ সফলতা। বাইহাটাত আটক কাজিৰঙা গ্ৰামীন বিকাশ বেঙ্কত সংঘটিত চুৰি কাণ্ডত জড়িত তিনিটা চোৰ।

উল্লেখ্য যে ২৬ আগষ্টৰ নিশা বেঙ্কটোত চোৰে লকাৰৰ পৰা লুট কৰি নিছিল ধন৷ গেচ কাটাৰৰ সহায়েৰে চোৰে কাটিছিল খিৰিকীৰ ৰড আৰু ল’কাৰ ৷ চোৰে পেলাই থৈ যোৱা গেছ চিলিণ্ডাৰৰ কোড নম্বৰৰ পম খেদি বাইহাটা চাৰিআলিৰ পৰা গেছ চিলিণ্ডাৰৰ মালিক, কৰ্মীসহ চুৰি কাণ্ডটোত জড়িত মুঠ ৩ জনক কৰায়ত্ব কৰি কাজিৰঙালৈ আনে৷ অধিক লোক চুৰিকাণ্ডটোত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰি আৰক্ষীয়ে সোধ-পোচ অব্যাহত ৰাখিছে৷

Related Articles

Leave a Reply

Close