অসম

কামপুৰ বিদ্যুৎ বিভাগৰ আজৱ কাণ্ড: জীৱন্ত গছ, বাহঁৰ খুঁটাত বিদ্যুৎ পৰিবাঁহী তাঁৰ

প্ৰথম খবৰ, কামপুৰ: কামপুৰত বিদ্যুৎ বিভাগৰ আজৱ কাণ্ড। জানিব পৰা মতে, কঠিয়াতলী বিদ্যুৎ প্ৰৱন্ধক কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন ঠাইত জীৱন্ত গছ আৰু বাহঁৰ খুঁটাত বিপদ সংকুলভাৱে লগাই থৈছে বিদ্যুৎ পৰিবাহী তাঁৰ সমূহ। সমগ্ৰ কামপুৰৰ লগতে গাৰুখুন্দা এলেকাত এতিয়া বিদ্যুৎ বিভাগে পাতিছে মৰণ ফাণ্ড।

উল্লেখ্য যে, কামপুৰ নতুন গাৰুখুন্দা কপিলীকান গোসাই গাঁও আদিৰ লগতে বিভিন্ন স্থানত বৰ্তমান গছ বাহঁৰ খুটাত ওলমি আছে বিদ্যুতৰ তাঁৰ। বিদ্যুৎ বিভাগৰ অকমৰ্ণ্যতাৰ বাতৰি সংবাদ মাধ্যমত ধাৰাবাহিকভাৱে সম্প্ৰচাৰ হৈছে যদিও গা লৰা নাই পল্লৱ লোচনৰ বিদ্যুত বিভাগৰ।

স্থানীয় ৰাইজৰ দাবী শীঘ্ৰে বিদ্যুৎ বিভাগে ব্যৱস্থা কৰক এই সমূহ বিদ্যুৎ পৰিবাহী তাঁৰৰ । নহ’লে কিবা দুৰ্ঘটনা হ’লে দায়ী হ’ব বিদ্যুত বিভাগ।

এতিয়া প্ৰশ্ন হয় ৰাজ্যত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি বহু লোকে মৃত্যু বৰণ কৰিলে, ইমানৰ পাছতো কিয় ব্যৱস্থা লোৱাত ব্যৰ্থ হৈছে বিদ্যুৎ বিভাগ। নে আৰু অধিক দুৰ্ঘটনা হোৱালৈ বাট চাই আছে ৰাজ্যৰ বিদ্যুৎ বিভাগে। এইবুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে।

 

Related Articles

Leave a Reply

Close