অসমশীৰ্ষ

কিশোৰীক বলাৎকাৰ আৰু অপহৰণ কাণ্ডৰ অভিযোগত আৰ এছ এছৰ নেতা গ্ৰেপ্তাৰ

প্ৰথম খবৰ, শদিয়া: দীনদয়াল উপাধ্যায় নামত ২২ খনকৈ মহাবিদ্যালয় প্ৰতিষ্ঠাক লৈ সমগ্ৰ অসমতে তীব্ৰ প্ৰতিবাদৰ জোৱাৰ চলি থকাৰ সময়তে যোৱা ২২ আগষ্ট তাৰিখে শদিয়া চপাখোৱাত এগৰাকী ১৫ বছৰীয়া কিশোৰীক বলৎকাৰ আৰু অপহৰণ কাণ্ড সংঘটিত কৰি এজন বিয়াগোম RSS ৰ নেতাক ক্ষুব্ধ ৰাইজে উত্তম মধ্যম শোধাই আৰক্ষীক গতাই দিয়ে।

অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ আৰ এছ এছৰ প্ৰচাৰ প্ৰমুখ উত্তৰ প্ৰদেশৰ নিবাসী নৰেন্দ সিং নামৰ নেতাজনে নামচাইৰ বৰবিল গাঁৱৰ ৰূপজোতি গগৈ নামৰ ১৫ বছৰীয়া কিশোৰীগৰাকীক বিয়া পতাৰ প্ৰলোভন দি অপহৰণ কৰি শদিয়াৰ চপাখোৱাত উপস্থিত হৈছিল। কিশোৰী গৰাকীৰ অভিভাৱকে অনুসন্ধান কৰি চপাখোৱাত RSS ৰ নেতাজনক কিশোৰীগৰাকীৰ সৈতে ধৰিবলৈ সক্ষম হয়। লগে লগে ঘটনাস্থলীত উপস্থিত হোৱা ক্ষুব্ধ
ৰাইজে RSS ৰ নেতাগৰাকীৰ গাড়ীখন ভাঙি চুৰমাৰ কৰাৰ লগতে নেতাজনক উত্তম মধ্যম শোধাই আৰক্ষীক গতাই দিয়ে। শদিয়াৰ আৰক্ষীয়ে অৰুণাচল প্ৰদেশৰ নামচাই আৰক্ষীক গতাই দিয়ে। উল্লেখনীয় যে, RSS ৰ নেতাৰ এনে কুকাণ্ডক সকলোৱে একেমুখে লেই-লেই চেই-চেই কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close