অসম

কৃষ্ণাইত বাছ – ইণ্ডিকাৰ মাজত মুখামুখি সংঘৰ্ষ, অাহত ৩০

প্ৰথম খবৰ, কৃষ্ণাই: গোৱালপাৰা জিলাৰ কৃষ্ণাই অাৰক্ষী থানাৰ অন্তৰ্গত শালপাৰাত আজি বিয়লি সংঘটিত এক পথ দূৰ্ঘটনাত ৩০ আন যাত্ৰী আহত হয়৷ ইয়াৰে ৩ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য মতে, গুৱাহাটীৰ পৰা ধুবুৰী অভিমুখী এ এছ ১৭ বি ৮৫২৭ নম্বৰৰ বাছখনে বিপৰীত দিশৰ পৰা আহি থকা এ এছ ০১ ওৱাই ৭১৮৬ নম্বৰৰ ইণ্ডিকা এখনত খুৃণ্ডা মৰাৰ ফলতে এই দূৰ্ঘটনাটো সংঘটিত হয়৷ দূৰ্ঘটনাটোত বাছ আৰু ইণ্ডিকাৰ প্ৰায় ৩০ জন যাত্ৰী আহত হয়৷

জানিব পৰা মতে, ইয়াৰে ৩ জনৰ অৱস্থা সংকটজনক৷ দূৰ্ঘটনা সংঘটিত হোবাৰ পিছতে আৰক্ষীয়ে স্থানীয় লোকৰ সহযোগত আহতসকলক উদ্ধাৰ কৰি দুধনৈ আৰু গোৱালপাৰালৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছে ৷

Related Articles

Leave a Reply

Close