অসম

কৃষ্ণাইৰ পাইকানত কৃষক মুক্তিৰ উত্তাল প্ৰতিবাদ, ৫১ নং ৰাষ্ট্ৰীয় ঘাইপথত হিমন্ত- পল্লৱৰ প্ৰতিমুৰ্তি দাহ

প্ৰথম খবৰ, কৃষ্ণাই: গোৱালপাৰা জিলাৰ কৃষ্ণাইত আজি কৃষক মুক্তি সংগ্ৰাম সমিতিযে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ দীনদয়াল উপাধ্যায়ৰ নামত নামাকৰণ কৰা মহাবিদ্যালয়সমূহৰ নাম বাতিল কৰা আৰু গাঁৱে-ভূঁৱে নিয়মীয়া বিদ্যুৎ যোগান ধৰাৰ লগতে বিদ্যুতৰ মৰণফাণ্ড ৰূপী বিদ্যুৎ পৰিবাঁহী তাঁৰৰ খুঁটা, উন্মুক্ত ট্ৰেন্সফৰ্মাৰ আদি অতি শীঘ্ৰে মেৰামতি কৰাৰ দাবীত গোৱালপাৰা জিলা কৃষক মুক্তিৰ শতাধিক কৰ্মীয়ে কৃষ্ণাইৰ পাইকানৰ ৫১ নং ৰাষ্ট্ৰীয় ঘাইপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ বিপৰীতে শিক্ষামন্ত্ৰী আৰু শক্তিমন্ত্ৰীৰ প্ৰতিমুৰ্তি দাহ কৰে৷

শিক্ষামন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শক্তিমন্ত্ৰী পল্লৱ লোচন দাসৰ প্ৰতিমূৰ্তি দাহ কৰি কৃষক মুক্তিৰ কৰ্মীসকলে হাতে হাতে বেনাৰ-প’ষ্টাৰ লৈ অসম চৰকাৰ হায় হায়, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, পল্লৱ লোচন দাস মুৰ্দাবাদ, অসমত অৱদান নথকা দীনদয়াল উপাধ্যায় নামৰ মহাবিদ্যালয় বিলাকৰ নাম বাতিল কৰক, গাঁৱৰ মৰণফান্দ ৰূপী বিদ্যুৎ ব্যৱস্থা সমূহ উন্নত কৰক আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰা তোলে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close