অসম

কৈঠালকুছিত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

প্ৰথম খবৰ কৈঠালকুছি: নলবাৰী জিলাৰ কৈঠালকুছিত সংস্কৃত ভাষা-সাহিত্যৰ পণ্ডিত তথা ৰাষ্ট্ৰপতিৰ পুৰস্কাৰপ্ৰাপ্ত মহামহোপাধ্যায় গংগানাথ শাস্ত্ৰীৰ পৱিত্ৰ সোৱৰণত এক বক্তৃতানুষ্ঠান আৰু কৃতী ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হৈ যায়।কৈঠালকুছি হাইস্কুল প্ৰাঙ্গণত অনুষ্ঠিত অনুষ্ঠানটিত মূখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী,কুমাৰ ভাস্কৰ বাৰ্মা সংস্কৃত আৰু পুৰাণ বিশ্ববিদ্যালয় নলবাৰীৰ উপাচাৰ্য্য ড০ দীপক কুমাৰ শৰ্মা,বিশিষ্ট সাহিত্যিক ড০ বসন্ত কুমাৰ ভট্টাচাৰ্য্য,অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ উপাচাৰ্য্য ড০ কমল মল্ল বুজৰবৰুৱা, নলবাৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত হানিফ নুৰানি,নলবাৰী বাণিজ্য মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ বসন্ত কুমাৰ দেৱ গোস্বামীকে ধৰি বিভিন্ন জন বৰেণ্য ব্যক্তি উপস্থিত থাকি বিদগ্ধ সংস্কৃত পণ্ডিত গৰাকীৰ স্মৃতি ৰোমন্থন কৰি ভাষণ প্ৰদান কৰে। উক্ত অনুষ্ঠানত জিলাখনৰ কেইবাগৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাঁ হয় ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close