অসমশীৰ্ষ

খুমটাইত বান সাহাৰ্য বিতৰণ

প্ৰথম খবৰ, খুমটাই: গোলাঘাট জিলাৰ খুমটাই মৌজাৰ খুমটাই বগৰিয়ণী গাঁৱত আজি নেচাৰ কেয়াৰ টুৰিজিম এণ্ড এডুকেশ্বন ফাউণ্ডেশ্যন, গ্ল’ৱেল এডুকেশ্বন ৰ্স্পটছ এণ্ড কালচাৰেল এডুকেশ্বন অগ্ৰেনাইজেচন, বোকাখাত মেজিক সন্থা, খুমটাই কচুপথাৰ উন্নয়ন সমিতি আৰু গেলেকীয়াল যুৱক সংঘৰ ফালৰ পৰা বান আৰু গৰাখহনীয়া পতিত বগৰিয়ণী গাঁৱৰ ৬০ টা পৰিয়ালক চাউল, নিমখ, চাবোন, বিস্কুট, শিশু খাদ্যৰ লগতে অন্যান্য প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰা হয়।

আজি বান সাহাৰ্য বিতৰণ অনুষ্ঠানত উপস্থিত থাকে খুমটাই ৰাজহ চক্ৰ বিষয়া ডা মনিকা বৰা, খুমটাই কচুপথাৰ উন্নয়ন সমিতি হৈ মাল্যৱ মহন চুতীয়া, বোকাখাত মেজিক সন্থা সম্পাদক অৰিন্দম শৰ্মা, গেলেকীয়াল যুৱক সংঘ সম্পাদক চন্দন বৰা আৰু কেইবাজনো বিশিষ্ট ব্যক্তি। বনগাঁৱৰ উদীয়মান যুৱক সমাজসেৱক সৌৰভ ফুকনে বানপীড়িত ৰাইজৰ বাবে খাদ্য বস্তু দি সহযোগিতা আগবঢ়াই। খুমটাই ৰাজহ চক্ৰ বিষয়া ডা: মনিকা বৰাই খুমটাই অঞ্চলৰ বানপীড়িত লোকক বান সাহাৰ্য আগবঢ়োৱা প্ৰতিটো অনুষ্ঠান-প্ৰতিষ্ঠান লগতে শুভাকাংক্ষী ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰাৰ লগতে অনাগত দিনত সকলোৰে সহায়-সহযোগিতা কামনা কৰে।

Related Articles

Leave a Reply

Close