Uncategorizedঅসম

খেলে মানুহৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধন কৰে —প্ৰফুল্ল কুমাৰ মহন্ত

প্ৰথম খবৰ,বঢ়মপুৰ: “খেলে মানুহক শাৰীৰিক মানসিক উৎকৰ্ষ সাধন কৰে ৷ সেয়ে পুৰণি কালৰে পৰা খেল চলি আহিছে ৷” এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তৰ ৷ নগাওঁ জিলাৰ বঢ়মপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বঢ়মপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা ফুটবল খেলৰ উদ্ধোধনী অনুষ্ঠানত মহন্তই লগতে কয় খেলৰ মাজেদিয়ে দেশলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰি ৷ এনে খেলুৱৈক মানুহে অনুসৰণ কৰে ৷ বঢ়মপুৰৰ আগশাৰীৰ সামাজিক অনুষ্ঠান কচকো ক্লাৱৰ উদ্যোগত আজিৰে পৰা অনুষ্ঠিত হোৱা জিলাভিত্তিক ফুটবল প্ৰতিযোগিতা শুভাৰম্ভণী অনুষ্ঠানত আৰু বঢ়মপুৰ নৱম অসম আৰক্ষী বাহিনীৰ অধিনায়ক কংকনজ্যোতি শইকীয়া,অগপৰ নেতা ক্ৰমে নিৰঞ্জন বৰা আৰু কুলেন বৰা উপস্থিত থাকে ৷ আজি উদ্ধোধনী খেল খনত ৰেংবেং অমৰজ্যোতি ফুটবল ক্লাৱে বেবেজীয়া ফুটবল ক্লাৱক ৪;২ গোলৰ ব্যৱধানত পৰাজিত কৰে ৷ নিদিষ্ট সময়ত খেল খন ১:১ গোলৰ ব্যৱধানত ড্ৰ হৈ থকাত ট্ৰাইবেকাৰৰ পদ্ধতিৰে খেলৰ ফলাফল নিৰ্ণয় কৰা হয় ৷

Related Articles

Leave a Reply

Close