অসম

খেৰণিৰ বৰমাটিখোলাত বন্যহস্তীৰ আক্ৰমণ : গুৰুতৰভাৱে আহত ১

প্ৰথম খবৰ, খেৰণি: পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বৰমাটিখোলাত সংঘটিত হ’ল হাতী-মানুহৰ সংঘাত৷ বন্যহস্তীৰ আক্ৰমণৰ ঘটনাত গুৰুতৰভাৱে আহত হয় এগৰাকী ৫২ বছৰীয়া লোক৷ যোৱা শুক্ৰবাৰৰ সন্ধিয়া প্ৰায় ৭-৮ বজাৰ ভিতৰত সংঘটিত হয় এই ঘটনা৷

ঘটনা বিৱৰণী অনুসৰি খেৰণি থানা অন্তৰ্গত নিহাং গাঁও নিবাসী চাৰ-এট টেৰন আৰু তেওঁৰ বন্ধু এগৰাকীয়ে ঝুম খেতিৰ পৰা নিজৰ গৃহ অভিমুখে বুলি গৈ থকা অৱস্থাত হঠাৎ বৰমাটিখোলাত বনৰীয়া হাতীৰ সন্মুখীন হয়৷ ইয়াৰ পাছতেই অকলশৰে থকা এটা হাতীয়ে দুয়োকে খেদি আহে আৰু আক্ৰমণ কৰে৷ আক্ৰমণৰ পূৰ্বেই টেৰণৰ বন্ধু উল্লেখিত স্থানৰ পৰা পলায়ন কৰি নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় যদিও হাতী আক্ৰমণৰ সন্মুখীন হ’বলগীয়া হয় ৫২ বছৰীয়া চাৰ-এট টেৰনে৷ হাতী আক্ৰমনৰ ফলত টেৰণ গুৰুতৰভাৱে আহত হোৱাৰ লগতে পথাৰৰ বোকা পানীত লুতুৰি-পুতুৰি হৈ ঘটনাস্থলীতে পৰি থাকে আৰু পাছত স্থানীয় লোকে উদ্ধাৰ কৰি ততাতয়াকৈ খেৰণি চিকিৎসালয়ত ভৰ্তি কৰায় টেৰনক৷ আনহাতে খেৰণি চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰিয়েই উন্নত চিকিৎসাৰ বাবে চিকিৎসকে টেৰনক দিফুলৈ প্ৰেৰণ কৰে৷

Related Articles

Leave a Reply

Close