অসম

গহপুৰত দুবৰি বনৰ কবিৰ ওপজা দিন উদযাপন

নিউজ ডেস্ক, প্ৰথম খবৰ: শনিবাৰে গহপুৰ ছোৱালী হাইস্কুলৰ প্ৰেক্ষাগৃহত দূবৰি বনৰ কবি কোষেশ্বৰ বৰুৱাৰ ৮৩সংখ্যক জন্মদিৱস অনুষ্ঠিত হয়। কবি-সাহিত্যিক-সাংবাদিক নগেন কোঞৰে সভাপতিত্ব কৰা অনুষ্ঠানটিৰ মঞ্চ শুভ উদ্বোধন কৰে গহপুৰ মহকুমাৰ মহকুমাধিপতি ডঃ ইন্দ্ৰানসী দাসে। বন্তি প্ৰজ্বলন কৰে ছয়দুৱাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ গজেন বৰুৱাই। দূবৰি বনৰ কবি কোষেশ্বৰ বৰুৱাৰ জীৱন আৰু কৃতি সম্পৰ্কে বক্তব্য প্ৰদান কৰে একালৰ সহকৰ্মী, অৱসৰপ্ৰাপ্ত অধ্যাপক মানিক গগৈয়ে। কবিগৰাকীৰ কবিতাসমূহৰ ওপৰত বিশ্লেষণাত্মক বক্তব্য দাঙি ধৰে ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যাপক ডঃ মাধৱ বৰাই।


লগতে সেই সভাতে কবিতা পাঠৰ এটি অনুষ্ঠানো অনুষ্ঠিত হয়। বিশিষ্ট কবি বংশী বৰা, কবি অনিত শইকীয়া, কবি ৰূপকোঁৱৰ মিলিয়ে স্ব-ৰচিত কবিতা পাঠ কৰি অনুষ্ঠান জীপাল কৰি তোলে। দূবৰি বনৰ কবি গৰাকীৰ কবিতা আবৃত্তি কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী বিজয়া দত্ত হাজৰিকা আৰু ছাত্ৰী ডিলকিছ বেগমে। অনুষ্ঠানটো আঁত ধৰে কবি সাহিত্যিক বিপুল কুমাৰ দিহিঙীয়া আৰু জগদীশ শৰ্মাই। অনুষ্ঠানটোৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা বিশিষ্ট ব্যক্তিসকলক এখনকৈ অভিনন্দনপত্ৰ প্ৰদান কৰা হয়। উল্লেখ্য যে, দুবৰি বনৰ কবিগৰাকীৰ জ্যেষ্ঠ পুত্ৰ কুল কমল বৰুৱা কে ধৰি তেওঁৰ পৰিয়াল বৰ্গই অংশ গ্ৰহণ কৰে।

Related Articles

Leave a Reply

Close