অসম

গুৰুজনাৰ তিৰোভাৱ তিথি, হৰি নাম ধ্বনিৰে মুখৰিত গহপুৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: জগত গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি পূৰ্ণ্য তিৰোভাৱ তিথি। ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে গহপুৰ মহকুমাৰ বিভিন্ন নামঘৰ, শৈক্ষিক প্ৰতিষ্ঠানতো পালন কৰা হৈছে গুৰুজনাৰ তিথি। এই উপলক্ষে গহপুৰ মহকুমাৰ বালিজানস্থিত জ্যোতি আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এক আধ্যাত্মিক পৰিৱেশত কীৰ্তন পাঠ, দিহা নাম, বৰগীত, ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানটোত জ্যোতি আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জীৱন ভূঞা, বিদ্যালয়ৰ সমূহ শিক্ষক-শিক্ষয়ত্ৰী,পৰিচালনা সমিতি আৰু একাংশ অভিভাৱক উপস্থিত থাকে।

Related Articles

Leave a Reply

Close