অসম

গুৱাবাৰীত এয়াৰটেলৰ নেটৱৰ্কৰ সমস্যাত গ্ৰাহকৰ হাহাকাৰ

প্ৰথম খবৰ, তামুলপুৰ: বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ নাগ্ৰীজুলি উন্নয়নৰ অধীনৰ ভাৰত-ভূটান সীমান্তৰ বৃহত্তৰ গুৱাবাৰী অঞ্চলত এয়াৰটেল গ্ৰাহক সকলে নেটৱৰ্কৰ সমস্যাত ভুগি থাকিব লগীয়াত পৰিছে। বৃহত্তৰ গুৱাবাৰী অঞ্চলত হেজাৰ হেজাৰ মোবাইল ফোন ব্যৱহাৰকাৰী গ্ৰাহকৰ হাতত এয়াৰটেল চীম আছে যদিও সঠিক নেটৱৰ্কৰ অভাৱত আজিৰ এই প্ৰযুক্তি বিদ্যাৰ যুগটো যোগাযোগৰ ক্ষেত্ৰত বঞ্চিত হৈ আহিব লগত পৰিছে।

গ্ৰাহকসকলৰ বাবে গুৱাবাৰীৰ হস্তীনাপুৰত এটা মাত্ৰ এয়াৰটেলৰ টাৱাৰ আছে যদিও এই টাৱাৰটোৱে পূব গুৱাবাৰী, উত্তৰ গুৱাবাৰী, হাতিকাটা, জেখাইকোনা আদি অঞ্চলৰ গ্ৰাহকৰ চাহিদা পূৰণ কৰিব পৰা নাই। ফলত দীৰ্ঘদিন ধৰি এয়াৰটেলৰ গ্ৰাহক সকলে নেটৱৰ্কৰ পৰা বঞ্চিত হৈ থাকিব লগাত পৰিছে। অনতি পলমে গ্ৰাহকৰ সমস্যা সমাধান নকৰিলে এয়াৰটেলৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে অঞ্চলটোৰ গ্ৰাহকসকলে।

Related Articles

Leave a Reply

Close