অসম

গোলকগঞ্জত চুৰি কৰা ফেন্সিডাইল উদ্ধাৰ

প্ৰথম খবৰ, গোলকগঞ্জঃ বিভিন্ন সময়ত আৰক্ষীয়ে জব্দ কৰা নিচাজাতীয় দ্ৰব্য ফেন্সিডাইল ধুবুৰী জিলাৰ গোলকগঞ্জ আৰক্ষী থানাৰ মালখানাৰ পৰা চুৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। উক্ত ঘটনাক কেন্দ্ৰ কৰি আৰক্ষীৰ অভিয়ান অব্যাহত।

গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰুস্তম ৰাজ ব্ৰহ্ম আৰু দীপক দাসৰ নেতৃত্বত আৰক্ষী এটা দলে গোপন খবৰ ভিত্তিত পুব কানুৰি চৰ গাঁৱৰ নিবাসী মিজানুৰ ৰহমানৰ ঘৰৰ পৰা চুৰি হোৱা ফেন্সিডাইলখিনি উদ্ধাৰ কৰে। পিছত গোলকগঞ্জ আৰক্ষীয়ে ৮২৫/১৭ নম্বৰত গোচৰ পঞ্জীয়ন কৰি থানা খনৰ মালখানাৰ পৰা চুৰি কাণ্ডত জড়িত থকাৰ অভিযোগত এ.পি.বি.এনৰ তিনিজন জোৱান ইলিয়াস ৰহমান, আনিছুৰ ৰহমান, জহিৰুল ইছলামৰ লগতে গোলকগঞ্জৰ যুৱক মালেক সেখকো গ্ৰেপ্তাৰ কৰি জেৰা অব্যহত ৰাখিছে বুলি জানিব পৰা গৈছে ।

Related Articles

Leave a Reply

Close