অসম

গোলকগঞ্জত পাঁচশৰো অধিক পুৰুষ-মহিলাৰ বিজেপিত যোগদান

প্ৰথম খবৰ, ধুবুৰী: গোলকগঞ্জত পাঁচশৰো অধিক পুৰুষ-মহিলাৰ বিজেপিত যোগদান কৰিছে। কংগ্ৰেছ, এ আই ইউ ডি এফ, অগপ এৰি বহুতে যোগদান কৰিলে বিজেপিত৷

গোলকগঞ্জৰ শিল্পী সমাজ প্ৰেক্ষাগৃহত আজি গোলকগঞ্জ মণ্ডল বিজেপিৰ দ্বাৰা আয়োজিত ভাৰতীয় জনতা পাৰ্টীৰ ধুবুৰী জিলাৰ বিভিন্ন মৰ্চাৰ সম্বৰ্ধনা তথা নতুন সদস্য ভৰ্তি কৰণ সভাত গোলকগঞ্জৰ পাঁচশৰো অধিক বিভিন্ন ৰাজনৈতিক দলৰ সদস্য আনুস্থানিকভাৱে বিজেপিত যোগদান কৰে৷

গোলকগঞ্জ মণ্ডল বিজেপিৰ সভাপতি গৌৰাংগ চৌধুৰীয়ে সভাপতিত্ব কৰা উক্ত সভাত সভাৰ উদ্যেশ্য ব্যাখ্যা কৰে গোলকগঞ্জ মণ্ডল সম্পাদক সুশান্ত মণ্ডলে। সভাত গোলকগঞ্জ বিধান সভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন পঞ্চায়তৰ এলেকাৰ পৰা অহা পাঁচশ বিভিন্ন ৰাজনৈতিক দলৰ বিষয়ববীয়া বিজেপিত যোগদান কৰে৷ ইয়াৰে ধুবুৰীৰ এ আই ইউ ডি এফ ৰ উপসভাপতি আবু ছায়েদ আহমেদ, বৰুনডাংগাৰ কংগ্ৰেছী কাশেম প্ৰধানী, বৰুনডাংগাৰ এ আই ইউ ডি এফ ৰ সভাপতি ছালাম শ্বেখ আদিৰ নেত্বৃত্বত পাঁচশৰো অধিক লোক বিজেপিত যোগদান কৰে৷ সভাত ধুবুৰী জিলা বিজেপিৰ সভাপতি দিপক সাহা, বিধায়ক অশ্বিনী ৰায় সৰকাৰ, উপসভাপতি দ্বয় ডাঃ দেবময় শ্যান্যাল আৰু প্ৰেমসুখ সেঠীয়, জিলা সম্পাদক প্ৰেসেনজিত দত্ত, উত্তম শৰ্মা, অৰুপ আচাৰ্যীৰ লগতে জিলা যুৱৰ সভাপতি নিৰ্মাল্য পাল, মহিলা মৰ্চাৰ সভানেত্ৰী মায়া দাস, জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি গোলাম আৰ্মাৰ্নী, জিলা ৱো বি ছি ৰ সভাপতি পুতুল ৰায় প্ৰধানী, জিলা মজদুৰ মৰ্চাৰ সভাপতি মধুশুধন ঘোষ আদিয়ে উপস্থিত থাকে৷
শ শ কাৰ্যকৰ্তা ভাৰতীয় জনতা পাৰ্টীৰ নীতি আৰু আদৰ্শ মানি দলত যোগদান কৰে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close